ধাৰাবাহিক উপন্যাস -এৰি অহা সুঁতি ০১

©Admin
0
৭০ৰো উদ্ধত বয়সৰ শয্যাগত মোৰ মনৰ স্থিতি ,অৱসাদ, প্ৰত্যাশিত ,অপ্ৰত‍্যাশিত,আনন্দ, বিষাদ, চিন্তা ক্লিষ্ট, মনৰ উপলব্ধিৰ পুৰনি ৰোমন্থনৰ গতিয়েই মোৰ এই জীৱন ।     

গাড়ীখন ৰখাই মীনাক (মোৰ তলতীয়া কৰ্মচাৰী) সিহঁতৰ ঘৰৰ পৰা দি পঠোৱা বস্তু কেইপদ নমাবলৈ লৈছোঁ ফোনটো আকৌ বাজি উঠিল।লখিমনৰ ফোন।লখিমনো মোৰ তলতীয়া কৰ্মচাৰী।বাৰে বাৰে বাজি উঠা ফোনটো নধৰোঁ বুলিও নধৰাকৈ থাকিব নোৱাৰিলোঁ।এখন হাতেৰে বস্তু বোৰ এপদ দুপদকৈ নমাইছোঁ, আনখন হাতেৰে ফোনটো লৈ লখিমনৰ লগত কথা পাতিছোঁ।আহ কি মিঠা তাইৰ মাত ।তাইৰ মাতত মই আবেগিক হৈ যাওঁ।দৌৰি গৈ তাইৰ সেই সুকোমল দেহাটো যেন সাবটি ধৰিম।হাতত জাতি লাওটো লৈয়ে মই লখিমনৰ লগত কথা পতাত লাগিলোঁ।

হঠাৎ পাছফালৰ পৰা বিকট চিঞঁৰ এটা ভাঁহি আহিল।কোন ঘৈণীয়েৰৰ লগত কথা পাতিছ হু।হাতৰ জাতিলাউটো থবলৈও পাঁহৰি গৈছ।

বুকুখন ধপং কৰি গ'ল।পাছফালে ৰাক্ষসী যেন মোৰ ঘৈনী ৰৈ মোলৈ টেলেকা চকুৰে চাই আছে।ফোনটো কাটি দিলোঁ ।বাৰে বাৰে ফোনটো আকৌ বাজি উঠিল।ফোন নধৰ কিয় ?

 ঘৈনীকেই দেখুৱাবলৈ ফোনটো ধৰি ৰিচিভ কৰি কলোঁ -বাইদেউ মই অলপ পাছত ফোন কৰিম।লগে লগে ফোনটো কাট খালে ,যদিও সেইয়া অভিমানত ।আকৌ ঠেহ পেজ ভাঙিব লাগিব।হওঁক দে ৰক্ষা পৰিলোঁ।বুকুৰ মাজত ভয়টো লৈ ঘৈনীক ধমকি এটা দিওঁ বুলি মেলা মুখ মেলাতেই থাকিল। পাছফালে ঘূৰি চাই দেখোঁ ঘৈনী ভিতৰত ৰাউচি যুৰি মোক গালি পাৰি আছে।

বস্তু খিনি নিবলৈ মোৰ ঘৰত কাম কৰা লৰা গুটি দৌৰি আহিল।ছাৰ মই আপোনাক কওঁ মেডামৰ আগত ফোনত কথা নাপাতিব।লাগিল আকৌ হুলস্থুল।

তাৰ কথাত গুৰুত্ব নিদি মই ভিতৰলৈ সোমাই গলোঁ।ল'ৰা ছোৱালী দুটাই কিতাপ পঢ়ি আছে।সিহঁতৰ আগত যদিও কিতাপ আছে।মই জানো সিহঁতৰ লক্ষ্য মোৰ বস্তুৰ ওপৰত।নহবনো কিয়?প্ৰতি সপ্তাহৰ শনিবাৰে ঘৰলৈ আহিলেই সপ্তাহটোত পৰিদৰ্শন কৰিবলৈ যোৱা ঠাইৰ পৰা শাক পাচলি, জহা চাউল , কাপোৰ কানি উপহাৰ পাওঁ।উপহাৰ বুলি কথা নাই ভাল বস্তু দেখিলে খুজি হ'লেও আনো।এইয়া মোৰ অভ্যাস।শনিবাৰে মোৰ পৰিয়াল ৰৈ থাকে ।মোলৈ নহয় মই অনা বস্তুবোৰৰ হেঁপাহত ।

মই গুটিক চিঞঁৰি কলোঁ ।বস্তুবোৰৰ মাজত কাপোৰৰ টোপোলাটো আছে।মেডামক দে ।মই লক্ষ্য কৰিলোঁ।কাপোৰৰ কথা কোৱাৰ লগে লগেই মোৰ ঘৈনী গৰমৰ ঠাইত নৰম হ'ল।লগে লগেই ল'ৰা ছোৱালী দুটাও দৌৰি আহিল।মই বৰ আবেগিক হওঁ সিহঁতে দৌৰি আহিলে।দুইটাকে যেন সাবটি 
ধৰিম।কিন্তু সিহঁতৰ লক্ষ্য মই নহয়।মই অনা বস্তুবোৰৰ ওপৰত।

আবেগবোৰ সামৰি মই সদায় কোৱা কথাষাৰ কলোঁ, তোমালোকে মোতকৈ ডাঙৰ অফিচাৰ হব লাগিব।দেখিছা অফিচাৰ হলে কিমান বস্তু পায়।মানুহ জনীলৈ চাই কলোঁ , মই মোৰ জীৱনত কাৰোবাক কিবা দিম বুলি তুমি নাভাবিবা।মই যি কৰিম মোৰ পৰিয়ালৰ বাবে কৰিম।

মই কৈ থকা কথাষাৰ যতি পৰিল।যেতিয়া মোৰ ঘৈনীয়ে চিঞঁৰি চিঞঁৰি মোক কৈ গ'ল।মুখেৰে কি ভোৰভোৰাই আছে।মনে মনে থাকক। বাই জনী আহিলে যি কৰিব লগীয়া আছে কৰি দিব।নমৰাও হ'ল ।

মই বাস্তৱলৈ ঘূৰি আহিলোঁ।মোৰ দুচকুৰে গৰম লোটক বৈ আহিল।মই যে বহু দিনৰ পৰা শয্যাগত।কাৰোবাৰ এষাৰ মৰমৰ মাতলৈ মই অপেক্ষাৰে ৰৈ আছোঁ। সেইয়া কোন?

আগলৈ

✍️বিটুমনি কোঁচ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)