বাৰে বাৰে বিন্ধিছে বুকু মোৰ।
কলৈ গ'লা, কিয় গ'লা,
কোন অজান কোণত লুকালা ?
তুমিও তোমাৰ কলিজাটোৰ সতে
কেতিয়াবা কথা পাতানে?
মোৰ হিয়াখনে
আজিও ঠেহ পাতি আছে,
তুমিহীনতাৰ অজীৰ্ণ অভিমানত...
কি ক'ম তোমাক
বা তুমিয়েইনো মোক কি শুনাবা ?
দুয়োৰো হৃদয়ত
একেই বিৰহৰ তলমল বন্যা...
তুমিও জানা, ময়ো সকলো বুজি পাওঁ,
দুখ তোমাৰো অসীম
মোৰো মহাসাগৰ সমান!
শুনাচোন,
মই মোৰ সৰ্বস্ব উদঙাই দিম,
আহিব নে উভতি
আমাৰ সেই অনুভৱী সুদিন ?
সেই স্বপ্ন! সেই স্পৰ্শ! সেই গল্প!
কেনেকৈ বিসৰ্জন দিওঁ
কবিতাৰ ছন্দ শিকা মুহূৰ্ত্তবোৰ...
মোৰ প্ৰতিটো সপোন
আজিও তোমাৰ সুগন্ধত আমোলমোল,
এনেকৈয়ে মই জীয়াই আছোঁ
তোমাৰ অচিনাকী হৈ!
প্ৰেম মোৰ বাবে এটি কঠিন সাঁথৰ
ঠিক আমাৰ মাজৰ দূৰত্বৰ দৰেই...
আহ্! কি যে নিচাত বন্দী হ'লো মই
সমুদ্ৰ তীৰত ৰ’লো তৃষ্ণাতুৰ হৈ...
✍️ গৌতম মালাকাৰ
কৰিমগঞ্জ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ