নিৰঞ্জনৰ বুদ্ধিমত্তা

©Admin
0
 
এসময়ৰ কথা এহাল দম্পতী অৰণ্যৰ মাজত অকলশৰে হাবি-বন-কাটি নিগাজিকৈ বাসস্থান কৰি বসবাস কৰিছিল। সিহঁত দুয়োৱে বসবাস কৰা ওচৰতে থকা ঠাই ডৰা ভালদৰে চাফা কৰি মাটি বোৰ খেতিৰ বাবে উপযোগী কৰি তুলিলে। হাল-কোৰ সাঁৰথি কৰি শস্যৰ বীজ সিঁচি নতুনত্বৰ সঞ্চাৰ ঘটালে। সুখে-দুখে জীৱনৰ পাতনি মেলিলে, সেই গভীৰ বননিত। দিন গ'ল-সময় বাগৰিল'ত দম্পতী হালক অৰণ্য খনত বসবাস কৰি অহা জীৱ-জন্তু সমূহে লাহে-লাহে অনিষ্ট সাধন কৰিবলৈ ধৰিলে, ঘৰ-বাৰী ভাঙি, শাকনি বাৰী খাই তহিলং কৰি পেলায়। দম্পতী হাল বৰ কষ্ট সহিষ্ণু ব্যক্তি আছিল। এইবোৰক'লৈ অকণো দুখ অথৱা বেজাৰ নকৰিছিল। আকৌ পুনৰ দুয়োৱে খেতি পথাৰত হাল, কোৰ মাৰি নতুনকৈ বীজ সিঁচি ন-ন উৎপাদিত শস্যৰে সিহঁতৰ ঘৰ নদন-বদন কৰি এসময়ত উভৈনদী হৈ পৰিলে।
           সুখী দম্পতী হালৰ নাম আছিল ক্ৰমে, নিৰঞ্জন আৰু পাটমাদৈ। নিৰঞ্জন স্বভাৱত বৰ বুদ্ধিয়ক আৰু চতুৰ লোক আছিল। আনহাতে, পাটমাদৈ সহজ-সৰল, অমায়িক ঘৰখনৰ গৰাকী আছিল। দুয়ো ইজনে-আনজনৰ জীৱনৰ সঁহাৰি আছিল। বিপদৰ বন্ধুৰ দৰে। 
দিন বাগৰিল'ত সিহঁতৰ সংসাৰত পাটমাদৈৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্ম পালে। সাইলাখ হাতীৰ বিশাল আকৃতিৰ দৰে, তাৰ নাম ৰাখিলে বনহস্তী। তাৰ প্ৰকাণ্ড শৰীৰ, ভৰিৰ খোজত আকাশ-বতাহ কম্পমান, শৰীৰ বিশাল আকাৰৰ। তাকে দেখি বাপেক নিৰঞ্জনে ভাবিবলৈ ধৰিলে। আমি বাৰু জীৱনটো এনেদৰে পাৰ কৰিলোঁ বনত অকলশৰে। ভগৱানৰ আশীৰ্বাদত ই উপজিলে, তেৰা'ই চকু মেলি চাইছে শুনিছা পাটমাদৈ। মই ভাবিছিলোঁ ই অলপ ডাঙৰ হ'লহিয়েই ইয়াক উপযুক্ত শিক্ষা, শৰীৰৰ চৰ্চাত আত্মনিয়োগ তথা মনোবল দিব পৰা যায়। নিশ্চয় সি এদিন ভাল ব্যক্তিত্বৰ মানুহ হৈ উঠিব, সমাজত স্বীকৃতি পাব। তাকে ভাবি নিৰঞ্জনে পুত্ৰ বনহস্তীক সুধিবলৈ ধৰিলে, --------- " ক'ছোন বোপাই, তই এতিয়া ডাঙৰ হ'লি; ডাঙৰ হৈ' কি হ'বি তই।" 
পুত্ৰ:- পিতা অ' মই ডাঙৰ হৈ বক্সিং খেলি মেডেল আনিব বিছাৰো।       
         নিৰঞ্জনে মনে মনে ভাবিলে ই, ঠিকেই কৈছে পাৰিবি.... পাৰিবি..... তই, মোৰ বিশ্বাস আছে। পুত্ৰৰ সহিষ্ণুতাত মুগ্ধ হৈ বনহস্তীক সেই অৰণ্যৰ মাজৰ পৰা চহৰলৈ আনি শৰীৰৰ চৰ্চাত মনোনিৱেশ লগতে আনুষ্ঠানিক শিক্ষাত ভৰ্ত্তি কৰোৱালে। 
 প্ৰায় একুৰি বছৰ বয়সত বনহস্তীয়ে নিজৰ কৃতিত্ব দেখুৱাবলৈ সক্ষম হ'ল লগতে পিতৃ-মাতৃৰ নাম উজ্জ্বলা'ই সুযোগ্য সন্তানৰ ইতিহাস ৰচিলে।

কামৰ সৰু বন নাই, মন কৰিলে পৃথিৱী খনো ভ্ৰমণ কৰিবলৈ পাৰি। একনিষ্ঠতাৰে একাগ্ৰতা, ইচ্ছা-আকাংক্ষা সফলতাৰ আকাশ চুব পাৰি। সেয়ে জীৱনত কঠোৰ শ্রম আৰু অধ্যৱসায়ৰ প্ৰয়োজন।


✍️চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)