নীতিশিক্ষা -পল্লৱী বৰুৱা

Aditi Tanti
0
মৰমৰ অকণিহঁত মৰম ল'বা । আশা কৰিছোঁ তোমালোকৰ আটাইৰে ভাল ।    

আজি মই জোনাকী পেহীয়ে "জোনাকৰ বতৰা" অনুষ্ঠানত তোমালোকলৈ লৈ আহিছোঁ মে-ডাম-মেফি'ৰ ওপৰত লিখা এটি সৰু টোকা। 
            
    মে-ডাম-মেফি হৈছে টাই আহোম জাতিৰ উপৰিপুৰুষৰ দেৱ-দেৱতা সকলক স্মৰণ কৰি পৰম্পৰাগত ভাৱে পতা এটি পূজা।এই মে-ডাম-মেফি শব্দটো আহিছে টাই ভাষাৰ পৰা। মে-ডাম-মেফি'ৰ অৰ্থ হৈছে মে মানে পুজা, ডাম মানে মৃতক আৰু মেফি মানে দেৱতা। 
                  
      এই পূজা মাঘ মাহৰ মাজত পতা হয়।এই পূজা পতা ঠাইকণ অৰ্দ্ধচন্দ্ৰাকাৰে অষ্টকোণীয়াকৈ মণ্ডল(আলপনা) সাজি পাং(শৰাই)প্ৰতিষ্ঠা কৰা হয়। এই অষ্টকোণীয়াৰ তাৎপৰ্য হৈছে আহোম সকলে আঠজন দেৱতাক পুজা কৰে। এই আঠজন দেৱতা হৈছে ১/খাওখাম (জন্মৰ অধিপতি)২/আইলেংডন
 (পৃথিৱীৰ গৰাকী)৩/লেংডন(স্বৰ্গৰ অধিপতি)৪/লাংকুৰি(শিৱ দেৱতা)৫/জনচাইনং(সৰ্ব্বাধিপতি)৬/চিতামলম(সপ্তস্বৰ্গৰ অধিপতি)৭/মুৎকুম টাইকুম(চন্দ্ৰ-সূৰ্যৰ অধিপতি)৮/জাচিংফা (সৰ্ব্ব বিদ্যাৰ অধিপতি) এই আঠজন দেৱতাৰ বাবে আঠখন পাং পতা হয়। নিম্ন স্থানত চাউলুং চুকাফাৰ নামত এখন পাং পতা হয়।
     
        এই পূজা বন দেৱতাৰ নামত উচৰ্গা কৰি গকিচু আৰু লাইলুং খামৰ নামত এযোৰ ডাক(মাত) নুফুটা ৰঙা মতা কুকুৰা ডাঙৰ এজোপা বৰ গছ বা আহঁত গছৰ তলত এৰি দিয়ে প্ৰকৃতিৰ আৰু মানুহৰ মঙ্গলৰ বাবে।
            মে-ডাম-মেফিৰ পাঙত আগবঢ়োৱা নৈবেদ্য সমূহ হ'ল চাউল, কুকুৰাৰকণী, মিঠাতেল, লুকলাও(সাঁজ পানী) নাম(পানী)চাকি- বন্তি ফুল ধূপ আদি সামগ্ৰী।
                  মে-ডাম-মেফি পতা চাৰিবেৰৰ ভিতৰত উপৰিপুৰুষ পুলিন পুথাও স্বৰ্গদেউ সকলৰ নামত মৈদাম সাজি স্মৃতি তৰ্পণ কৰাৰ নিয়ম আছে।
                      মে-ডাম-মেফিত পাং পতা ঠাইকণ প্ৰথমে দেওধাই বাইলুং(পুৰোহিত) সকলে ঞ্যাপলক (শান্তি পানী) ছটিয়াই শুদ্ধি কৰি লয়।লগতে পূজাত সমবেত ৰাইজকো শান্তি-পানী ছটিয়াই শুদ্ধি কৰণ কৰাৰ নিয়ম আছে।
                           এই শুদ্ধি কৰণৰ পিছতে মে-ডাম-মেফি পূজাত আগবঢ়োৱা নৈবেদ্য পাংত সজাই আঠখন লাক লগাই (চাকি জ্বলাই)নীতি নিয়মৰে।
                           এই নীতি নিয়ম সমূহ তিনিজন মলূঙে (পুৰোহিত) পূজা কাৰ্য্য সমাপন কৰে।
                                এই মে-ডাম -মেফি ৰাজহুৱা আৰু ব্যক্তিগত ভাৱেও পাতে।
                                    ৰাজহুৱা ভাবে পাতিলে অনুষ্ঠানৰ লগত জড়িত সকলক জনমিং (আশীৰ্বাদ)দিয়ে।আৰু ব্যক্তিগত ভাবে পাতিলে ঘৰৰ মুল মানুহজনে পূজা ভাগি উচৰ্গা দি জমনিং লয়।
  এই জমনিংৰ পিছত মলুং সকলে পূজাত কিবা ভুল ক্ৰুতি হ'লে মৰিষণ কৰিবৰ বাবে মন্ত্ৰ মাতি উপৰি পুৰুষৰ পৰা জনমিং লয়।
জমনিং মন্ত্ৰ হল ---

চ্যাও নুৰু চ্যাও কাউ ঐ
চ্যাও নুৰু চ্যাও কাউ ঐ
চ্যাও নুৰু চ্যাও কাউ ঐ

      (ইয়াৰ অৰ্থ হৈছে মুৰৰ ওপৰৰ ভগৱানক স্মৰণ)
তিনি বাৰ মাতি পুথাও খাম চয়মন জাখাও খাম নো এই মন্ত্ৰ ফাকি মাতি আঠজন দেৱতাৰ নামত মন্ত্ৰ মাতে।
        প্ৰতিজন দেৱতাৰ নামত মন্ত্ৰ মাতি আকৌ প্ৰতিজনৰ শেষত চ্যাও নুৰু চ্যাও কাউ ঐ তিনি বাৰ মাতি জনমিং শেষ কৰে আৰু দুবাৰ কৈ খামচিং কৰাৰ পাছত এবাৰ আওটাঙ কৰে।আওটাঙ কৰাৰ পাছত সম্পূৰ্ণ মন্ত্ৰ এবাৰ মাতে।
        
        শেষত চ্যাও ফুৰাৰ(ভগৱান)নামত পূজা এভাগ আয়োজন কৰি জমনিং দি পূজা সামৰণি মাৰে।
         
        ইয়াৰ পাছতে পাংৰ নৈবেদ্য সমূহ পূজাত উপস্থিত থকাসকলৰ মাজত বিতৰণ কৰি মে-ডাম-মেফিৰ সামৰণি পৰে।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)