অভিমান কৰি
মুখখন ওন্দোলাই থাকিলে
একেবাৰেই বেয়া নালাগে আপোনাক
বৰঞ্চ ধুনীয়াহে লাগে ।
অভিমান কৰিলে
কেতিয়াবা কাৰোবাক
সঁচাকৈ বহুত বেছি ধুনীয়া লাগে
সৌ আকাশৰ তৰাবোৰৰ দৰে
ধুনীয়া লাগে আপোনাক
সাগৰৰ নীলা জলধাৰাৰ ধৰে
ধুনীয়া লাগে আপোনাক ।
যেতিয়া আপুনি মিঠা মিঠা অভিমানেৰে
মুখখন ওন্দোলাই থাকে
সঁচাকৈ আপোনাক বহুত বেছি ধুনীয়া লাগে ।
✍️নিবেদিতা ডিম্পল