পাৰৰ সৈতে মʼবাইলৰ জোল

©Admin
0
       
" কি ফতুৱামী কৰিবলৈ আহিছে? দুখীয়া হলোঁ বুলি আমাক মানুহ বুলি গণ্য নকৰিব নেকি?
     “মই কিবা ভুল কথা কলোঁ নেকি?”
     “ আপোনালোক ডাঙৰ মানুহে ভুল কিয় কৰিব?আমি দুখীয়া বিলাকেহে কৰিম”
    “আৰে কি মানুহ হে আপুনি? মই কি ভুল কৰিলোঁ নো ? হেৰি ! আপোনাৰ হৈছে কি?”
   “ হবলৈ কি ৰাখিলে? ভালে ভালে কৈছোঁ নিজৰ সন্মান ৰাখি ইয়াৰ পৰা গুছি যা। নহ'লে কথা বেয়া হ'ব।” এই বুলি মোক আপুনিৰ পৰা তই লৈ নমাই গোঁ গোঁৱাই ভিতৰলৈ সোমাই গ'ল। মই শিলপৰা কপৌৰ দৰে চোতালতে থৰ লাগিলোঁ। সেমেনা সেমেনীকৈ ইফালে সিফালে চাই দেখিলোঁ তেওঁৰ চুবুৰীয়া সপত্নীক খগেন নাথ আৰু জীয়েকৰ সৈতে ৰমেশ শৰ্মাই নিজৰ ঘৰৰ বাৰান্দাৰ পৰা মোক চাই আছে। অপমানিত হৈ কাক কি কওঁ,কি কৰোঁ বুলি ওভতি আহিবলৈ লওঁতেই বৰ্মণ উপাধিৰ মানুহ জনৰ পৰিবাৰ ওলাই আহি ক'লে- “আপুনিনো কিয় তেনেকৈ ক'ব লাগে?” এইবাৰ মোৰ খঙে চুলিৰ আগ পালেগৈ। খঙৰ ভমকত কৈ দিলোঁ-“ মই কেনেকৈ কি কলোঁ হে ? আপোনালোক দুখীয়া নহয় অভদ্ৰ হে , ব্যৱহাৰটো অলপ ঠিক কৰিবলৈ শিকিব।” এই বুলি মই হন হনাই গুছি আহিলোঁ। বৰ্মণ আৰু ঘৈনীয়েকে চিঞৰি বাখৰি পদূলিলৈকে খেদি আহিছিল । মই ঘূৰি নেছালোঁ।
****************
    কলেজত একেলগে পঢ়া, চাৰি বছৰৰ আগতে এমাহৰ অগা পিছাকৈ অবসৰ গ্ৰহণ কৰা আৰু এতিয়াও পাহৰণিৰ গৰ্ভত হেৰাই নোযোৱা মোৰ অতি ঘনিষ্ঠ বন্ধু দ্বীজেনৰ চিকিৎসক পুত্ৰ লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত। স-পত্নীক পুতেকৰ আবাসত থাকি, চেক-আপ কৰি কালি ঘৰ-মুৱা হওঁতে আমাৰ তেজপুৰৰ ঘৰত চাহ খাই যাওঁ বুলি সোমাইছিল। শ্ৰী মতীয়ে একেলগে নতুন বছৰ আদৰিম বুলি জোৰকৈ ৰাখি দিলে। মাছ-মাংস বজাৰ কৰি অহাৰ পিছতহে লেঠা লাগিল। বন্ধুৱে এসাঁজত সৰু মাছ বা পাৰ মাংস যি কোনো এবিধহে খায়। ৩১ ডিচেম্বৰৰ মাছৰ বজাৰত সৰু মাছৰ ফিচা এডালো নাছিল বাবে চিতলকে আনিছিলোঁ।শ্ৰীমতীয়ে পাৰ আনিবলৈ কোৱাত আকৌ বজাৰলৈ ওলাই গৈছিলোঁ। বাটতে এজনে ক'লে “ চেপ্তা বৰ্মণৰ ঘৰতে পাব। এইফালে চিধা গৈ ৰাইত লৈ চেপ্তা বৰ্মণ বুলিলে মানুহে দেখাই দিব”। মইয়ো ৰাইত লৈ বাটতে খৰি কাটি থকা মানুহ এজন পাই ‘চেপ্তা বৰ্মণৰ ঘৰ কোনটো’ বুলি সোধাত খঙত তিঙিৰি তুলা হৈ জকজকাই আহিছিল।
     তেজপুৰৰ তিনিখন বজাৰ ঘূৰি এখনত পাৰ এযোৰ পাই দেহা জুৰ পৰিছিল যদিও মনত একুৰা জুই জ্বলি আছিল।
     ঘটনাটোৰ বিষয়ে আলোচনা কৰিবলৈ একালৰ সহকৰ্মী চন্দ্ৰ হাজৰিকাৰ ঘৰ পালোঁগৈ । আদ্যোপান্ত শুনি হাজৰিকানীয়ে মিচিকিয়াই হাহিঁ ক'লে- “ ভাল চেপ্তাৰ পাল্লাত পৰিছিল আজি "। আচৰিত হৈ মই ভেবালাগি চাই ৰলোঁ।
************"
        চহৰ খনৰ উপকণ্ঠ অঞ্চল এটাৰ পথাৰ এখন নতুনকৈ বস্তি অঞ্চললৈ ৰূপ সলাই বহু ভিতৰলৈকে বিভিন্ন ঠাইৰ বিভিন্ন ধৰণৰ মানুহৰে ভৰি পৰিছে। একে নাম একে উপাধিৰে চাৰিজন লোকে একেটা চুবুৰিতে ঘৰ সাজি থাকিবলৈ লোৱা বাবে চিনি পোৱাৰ সহজ উপায় হিচাপে, ৰাইজে ওখ জনক দীঘ্লা বৰ্মণ, চাপৰ জনক কটিয়া বৰ্মন, শকত কিন্তু চাপৰ জনক কোম্ৰা (কোমোৰা )বৰ্মণ আৰু ৰাজ্য চৰকাৰৰ জিলা কাৰ্য্যালয় এটাত ৪ৰ্থ বৰ্গত কামকৰি অবসৰৰ ধনেৰে ধনবান মানুহৰ মাজত মাটি এটুকুৰা কিনি, ঘৰ সাজিছিল কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰি আধৰুৱা ঘৰতে বাস কৰিবলৈ লোৱা ,আঁঠ জনীয়া পৰিয়ালৰ নাওখন অকলে চলোৱা ; অভাৱগ্ৰস্ত আৰু অতিকৈ ক্ষীণ, বৰ্মণ উপাধিৰ মানুহ জনক ‘চেপ্তা বৰ্মণ’ নামেৰে মাতিছিল। আজি কালি বৰ্মণ বেছি খিংখিঙীয়া হৈছে আৰু অলপতে অগ্নি শৰ্মা হৈ পৰিছিল। ইফালে আজি পুৱাতে জীয়েকে ২০ হেজাৰ টকীয়া মোবাইল ফোন এটা কিনি নিদিয়াৰ বাবে পুৰণি ফোনটো ভাঙি থৈ লগৰ ছোৱালীৰ লগত পিকনিকলৈ গৈছিল।
****
   মই কিন্তু তেওঁৰ নাম সচাঁকৈয়ে চেপ্তা বৰ্মণ বুলিয়েই ভাবিছিলোঁ। সেই নামেৰে তেওঁক জোকোৱা বুলি কেইবাজনকো ইতিমধ্যে বেয়াকৈ অপমান কৰা কথাটো হাজৰিকানীয়ে জানিছিল।
**********
✍️দেৱ দাস।
ঘৰপৰা চুবুৰি।
তেজপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)