মোৰ বসতিস্থল
এখন ৰুগ্ন চহৰ যদিও
অহৰহ বুকুত বৈছিল স্বৰ্ণিল স্বপ্ন- প্ৰৱাহ,
পিছে মাতাল দিনৰ সুহুৰিৰ শব্দত
ভাগে হৃদয়ৰ সোণালী সপোন
দেহৰ শিৰাই শিৰাই বয়
উত্তাল নদীৰ সোঁত,
হৃদয়ত এখন তয়াময়া যুদ্ধৰ বিভীষিকা ।
ভাবিছিলোঁ হৃদয়বোৰ সেউজীয়া হ'ব
দিক্চৌ বনৰ বনকৰা সময় বুটলি
আটায়ে গাব ৰূপান্তৰৰ গান ।
সম্প্ৰতি হৃদয়ৰ পৰা হৃদয়লৈ দূৰত্ব বাঢ়িল
হৃদয়ৰ নিঃস্বতাত নিথৰ বৰ্তমান ।
আছোঁ আশা লৈ—
জীৱন হ'ব ছন্দগান,
আহিব ঘূৰি ৰঙৰ দিন
সূৰ্যস্নাত পৃথিৱীত আকৌ জীৱনে তিৰবিৰাব
প্ৰাণৰ ঐশ্বৰ্য আলোকিত হ'ব
হৃদয়ে হৃদয়ে ।
🖋️ দীপিকা দাস সৰকাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ