কামনাৰ তেজবোৰে বৰকৈ আমনি কৰিছিল বাবে কেনেকৈ পাৰ হৈছিল সেই দিনবোৰ একো গম নাপাইছিল বৰ্মন ডাঙৰীয়াই। এগৰাকী সু-পত্নী থকাৰ পিছতো নিজৰ চৰিত্ৰক সংযত কৰিব নোৱাৰি পৰকীয়া প্ৰেমত আৱদ্ধ হৈছিল নিজৰে ছোৱালী-খুলশালীয়েকৰ লগত। খুলশালীয়েক বিধৱা আছিল।দিন বাগৰাত তলে তলে কথাবোৰ তিলৰ পৰা তালটো হ'লগৈ। সমাজ নামৰ আইনাখনত এদিন দুয়োৱে নিজে নিজক দৰ্শন কৰিবলৈ থকা লাজটো বৰ বেছি আছিল বাবে অবৈধ কেঁচা মঙহ টুকুৰা আধুনিক চিকিৎসা বিজ্ঞানৰ পদ্ধতিৰে গৰ্ভতে বিদায় দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু সৃষ্টিৰ কি লীলা ! চিকিৎসকৰ ওচৰ পাওঁতে যথেষ্ট হীনডেঢ়ি হোৱা বাবে এদিন পোহৰলৈ আহিল বৰ্মন আৰু তেওঁৰ খুলশালীয়েকৰ নষ্ট চৰিত্ৰ।
✍🏻দিব্যজ্যোতি ডেকা
ছিপাঝাৰ,দৰং(অসম)
(বৰ্তমান কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ