বৰষুণজাক | বনশ্রী শৰ্মা

Rinku Rajowar
1
বৰষুণজাক মোৰ প্ৰিয়
প্ৰিয় সেই অভিমানী চৰাইটি, 
যিয়ে বসন্তৰ প্ৰথমজাক বৰষুণৰ অপেক্ষাত 
হৈ পৰে অভিমানী। 
ফাগুনৰ ধূলিয়ে ধূসৰ কৰা
ধোঁৱা বৰণীয়া আকাশখনক, 
হেঁপাহৰ বৰষুণজাকে দি যায়
নীল বৰণীয়া চাদৰৰ আচল। 
অভিমানত বুৰ গৈ থকা
অভিমানী চৰাইজনী, 
বৰষুণৰ পৰশত
হৈ পৰে বাউলী। 
বৰষুণজাকে দি যায়
সেউজ অহাৰ বতৰা, 
অভিমানী চৰাইজনীক 
কৰি তোলে উন্মনা। 

                                      
✍️ বনশ্রী শৰ্মা,মঙ্গলদৈ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment