ৰক্তাক্ত এখন গাঁও | জহিৰুল ইছলাম

অধিকাৰৰ পৃষ্ঠভূমিত অনাধিকাৰ বৰ্বৰতা
পোচাকী সভ্যতাত অপোচাকী তাণ্ডৱ 
নিধন হৈছে আজি মানৱতা
প্ৰশ্ন শিতানত---
সিহঁতবোৰ মানুহ হয়নে?

আহা 
কিছু বিনিময় কৰোঁ 
মোৰ আৰু তোমাৰ নোকোৱা কথাবোৰ
কোনে জানে!কাইলৈ বা কি হ'ব!

জীৱনতো নহয় চিৰযুগমীয়া
নহয় ক্ষয়হীনো
আজিৰ শৌৰ্য-বীৰ্য হয়তো নেথাকিব কাইলৈ
সেয়েহে
সময় থাকোঁতেই আহা 
এক্ষন্তেক সান্নিধ্য লওঁ জীৱনৰ

তুমি বুজিলাহেঁতেন
তোমাৰ ঘৃণাৰ তীব্ৰতা 
থকা হ'লে মোৰ স্থানত
কিমানলৈ শিপাই আজি বটবৃক্ষ হৈছে
আৰু মোৰ ভালপোৱাৰ সাগৰৰ ঢৌবোৰ কিমান উত্তাল হৈ নিঃশব্দে মিলি গৈছে নীৰৱতাৰ স'তে!!!

তোমাৰ পাঠশালাৰ আদি পাঠ--
"দানৱতাৰ পৈশাচিক চিৎকাৰ"
আৰু মোৰ--
'মানৱতাৰ অমিয়গাথাঁ'
অন্ন, বস্ত্ৰ, বাসস্থান এতিয়া হৈ পৰিছে নিমিলা অংক
আজো-ককাৰ ভেটিত আজি ৰাজনীতিৰ কুঠাৰাঘাত
থানবান ভেটিবোৰ হৈছে ৰক্ত ৰঞ্জিত।

শেষ হ'ব ধৰা কিছু কথা
ৰঙীন নিশাৰ গুলপীয়া সপোনৰ স’তে
আজি ক্ষণ গণিছে পুৱাৰ সূৰুযলৈ 
আছেনে সাৰে কোনোবা "তৃষ্ণাতুৰ কলিজা"?
বাৰে বাৰে চাইছে জুমি
জন অৰণ্যত শূণ্যতাৰ এক বিশাল পৰিধি
উঠক, যদি সাৰে আছে কোনোবা---
নহ'লে যে,
সময়ৰ মূল্যহীনতাই ক্ষমা নকৰে কাকোৱে 

মই এতিয়া আমি হোৱাৰ সময়
শৃংখলাৰ শিকলিৰে উচ্ছৃংখলতাক বান্ধি ৰখাৰ সময়
নহ'ল যে আঠুকঢ়া দৃশ্যবোৰ নীৰৱে চাব লাগিব আকৌ কেতিয়াবা। কাৰণ 
সিহঁত এতিয়া লেকাম ছিগা ঘোঁৰা

                                   ✍️জহিৰুল ইছলাম
                                          গোৱালপাৰা

Post a Comment

Previous Post Next Post