নুবুজে একোকে অভিমানী মনে
সংগ্ৰামী জীৱনৰ
প্ৰতিটো খোজতে ন ন খেলা।
জীৱনৰ স্বপ্নীল আকাশৰ বুকুলৈ
অভিমানী হৈ উৰি যাব খোজে
মোৰ মন সৌ দূৰ আকাশলৈ।
মনটো প্ৰশ্নময় হৈ পৰে
আকাশৰ বিশালতা দেখি!
হৃদয়ত পুঞ্জীভূত হৈ থকা
অনুভূতিৰ শব্দবোৰ ভাপ হৈ
ওলাই আহে কবিতাৰ ৰূপ ল'বলৈ
সেউজীয়া দলিচা পাৰি
অনুভূতিবোৰ অহালৈ
কিমান তৃষ্ণাতুৰ হৈ ৰৈ থাকোঁ
সেয়া কেৱল মই বুজি পাওঁ!
বোকাতহে পদুম ফুলে
কাঁইটৰ মাজতহে গোলাপ
জিলিকি থাকে.......
তথাপিওতো সকলোৰে প্ৰিয়।
তুমিও মোৰ হৃদয়ৰ পৰাই প্ৰিয়
অনুভূতিৰ কবিতা
ক্লান্তিহীন সময়ত মোৰ
দুটি ওঁঠত আলফুলীয়া
হাঁহি বিৰিঙাই দিয়া
তুমি মোৰ হৃদয়ৰ অনুভূতি
মাথোঁ তুমি মোৰ
হৃদয়ৰ কুঠৰীৰ অনুভূতি।
✍🏻দিপশিখা ৰাজকোঁৱৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ