নাৰী

Rinku Rajowar
0
নাৰী মই...এই সমাজৰ ।
নাৰী শব্দৰে সন্মানিতা
দূর্গাৰ ৰূপেৰে মই অভিমানী 
প্ৰতিখন ঘৰৰ মই লক্ষ্মী ,
সৰস্বতীৰ এটি ৰূপ মই ।
'পাপাৰ পৰী' ভাইৰ দুলাৰী ।
পতিব্ৰতা নাৰী মাৰ মততাৰ আঁচলৰ ।
কিন্তু আজি পদপথত অকলে পাই নৰপিশাচে মোক আঁচুৰি , ধৰ্ষণ কৰি দলিয়াই পেলায় । 
মইয়েই নাৰী...
পিছত বাতৰি কাকতৰ হেডলাইনত 
দূৰদৰ্শনৰ বাতৰিৰ কাৰণ হওঁ মই ।
দুদিন হুলস্থুল হ'ব ।
অলপ দিনৰ পিছত আকৌ 
অৱহেলিত হৈ ৰওঁ ।
মইয়েই নাৰী ।
এতিয়া কৃষ্ণও ক'ৰবাত হেৰাই গ'ল !!
চাৰিওদিশে ৰাৱণৰ অত্যাচাৰ ।
হে সমাজ ! 
বচাই লোৱা নিজৰ সংস্কৃতি ।
ঘূৰাই দিয়া মোৰ সংস্কাৰ ।
   
 
          
✍🏻ৰিজুমণি দেৱী               নগাঁও,শেনছোৱা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)