তামোল গছজোপাত খেলি থকা কেৰ্কেটুৱা কেইটা বৰষুণ অহা দেখি ক'ত পলালে জানো। ছেহ ! খেতিৰ পৰা আহি পিতাইয়ে তামোল জোপাৰ পৰা তামোল পাৰিহে খাই সুখ পায় কিন্তু এই তেলৰ আগখোৱা কেইটাৰ পৰা ক'ত আৰু শান্তি হ'ব!
"মাজনী এইফালে আহচোন !" কেৰ্কেটুৱা আৰু তামোলৰ সাধুকথাত ডুব যোৱা "জোনালী" মাকৰ মাতত চক্ খাই উঠিল।
"দিগেন বৰদেউতাহতঁৰ বৰমাক আমাৰ শৰালি গাভৰু হ'ল বুলি খবৰটো লৰ মাৰি দি থৈ আহচোন" ।
গাভৰু হ'ল ?
১০ বছৰ বয়সতে গাভৰু বুলি ক'ব পাৰে জানো?
এদিন যে তাই মাহেকীয়া হৈ থাকোতে স্কুলীয়া বগা চাদৰখনত লাগি থকা ৰঙা দাগটো দেখি চবেই ৰ' লাগি চাই আছিল আৰু তাই লাজতে যে বেঞ্চখনত থকা সৰু ফুটা এটা কম্পাছ ডালেৰেখুঁচি বেছি ডাঙৰ কৰি পেলাইছিল।
শৰালিয়েও এতিয়া সেইবোৰৰ সন্মুখীন হ'ব লাগিব নেকি? বাৰে-বিংকৰা কথাবোৰ পাগুলিয়াই জোনালী বৰমাকৰ ওচৰ পালেগৈ ।
জোনালী হৈছে গছপৰা গাঁৱৰ এজনী সাধাৰণ ছোৱালী । ভনীয়েক শৰালি আৰু মাকৰ সৈতে চাৰিজনীয়া পৰিয়ালটো পোহ-পাল দি থকা পিতায়েক আছিল গাঁৱৰ চহা খেতিয়ক। জোনালী ৩য় ষাণ্মাসিকৰ ছাত্ৰী ,গাঁৱৰে কেইটামান সৰু ল'ৰা-ছোৱালীক টিউচন কৰি দেউতাকক আৰ্থিক অভাৱৰ বোজাটোৰ ভৰ কম কৰিবলৈ এনেদৰেই সহায়ৰ হাত আগবঢ়াইছিল। ৪ৰ্থ শ্ৰেণীৰ ভনীয়েক শৰালিক ইংলিছ মিডিয়াম স্কুলত পঢ়াইছিল।
বৰমাকে খবৰটোপাই আৰু দুগৰাকীমান মহিলাৰ সৈতে ততাতৈয়াকৈ জোনালীহঁতৰ ঘৰ পালেহি । ভঁৰালৰ এচুকত থকা গোঁসাই থাপনাৰ পৰা দুঁৱলিটো মাকে উলিয়াই আনি চাউল, পাণ -তামোল আৰু চাকি এগছি জ্বলাই দিলে। খেৰৰ ওপৰতে এৰিচাদৰ খন পাৰি শৰালিৰ শোৱাপাটী খন যোগাৰ কৰি দিলে।
তামোলখন মুখত ভৰাই এগৰাকী আইয়ে কৈ আছিলে
"এতিয়া আৰু চট্ফটাই ঘূূৰি নুফুৰিবি,গাভৰু হʼলি এতিয়া নিজকে আবুৰৰ মাজত কেনেকৈ ৰাখ' সেইটো তোৰ ওপৰত আৰু !" শৰালিয়ে মুখখন পোটোকা মাৰি দিলে আৰু মনতে গাভৰুৰ অৰ্থৰ বুজা-নুবুজাৰ দোমোজাত নিঃচুপ হৈ পৰিলে।
"হো এইখন ল' ! মায়ে পুৰণা চাদৰখন ফালি বনাই দিছে, কপাহী কাপোৰৰে হয় , ব্যৱহাৰ কৰি আৰাম পাবি ।"
তাই শৰালিক কাপোৰকেইখন দি মাকক কামত সহায় কৰিবলৈ গুচি গ'ল । শৰালিয়েও এঙা-বেঙাখন কৰি খেৰৰ তলতে কাপোৰকেইখন থৈ শুই পৰিল ।
সন্ধিয়া আয়তী আহি উৰুলি দিয়াৰ সময়ত শৰালি থত্-মত খাই উঠিলে , কৰঙনৰ কাষেদি কিবা এসোঁতা যেন বৈ যোৱা হেন অনুভৱ হ'ল । পিছত মাকে কাপোৰৰ ব্যৱহাৰ আৰু সেই সোঁতা তেজ বুলি নহয় 'গা' গৈছে বুলি বুজাই দিলে।
'বুজিছো' তাইয়ো মূৰ দুপিয়াই হয়ভৰ দিলে। এনেদৰেই নিয়মৰ মাজেদি শৰালিৰ তোলনি বিয়াখন ধুমধামেৰে পাতিলে।
বিয়াৰ কেইদিনমান পিছত শৰালি স্কুললৈ গ'ল । তাইৰ লগত সদায় বহা ৰুকছানাৰ বেগত বগা ৰঙৰএটা প্লাষ্টিকৰ বস্তু দেখা পালে আৰু তাই খুউব কৌতুহলেৰে সুধিলে
" অ'ই এইটো কি বস্তু ঔ?"
'অ'হ তুমি নাজানা নেকি ? তুমি ফাৰ্ষ্ট পিৰিয়ডচ্ হওতে ইউজ্ কৰা নাছিলা ? "কিতাপখন জপাই ৰুকছানায়ে ক'লে ।
-"মানে ? তোলনী হওঁতে? নাই ! মায়ে কাপোৰ দুখনমান চিলাই দিছে।"
ৰুকছানায়ে তেতিয়া ক'লে " আম্মী মোক কৈছে পিৰিয়ডচ্ টাইমত চেনিটেৰী পেড ইউজ্ নকৰিলে বহুতো বেয়া বেমাৰ হ'ব পাৰে ।"
"চেনিটেৰী পেড? হয়তো এই বগা বস্তুটোৰ কথায়ে কৈছে । আৰু ৰুকছানাৰ মাক যিহেতু নাৰ্চৰ চাকৰি কৰে , কথাটো নিশ্চয় সঁচায়ে হয়!" শৰালিয়ে মনতে ভাবিলে ।
তাই আকৌ ৰুকছানাক প্ৰশ্ন কৰিলে "তুমি মাহেকীয়া হ'লে আচুতীয়াকৈ থকা নেকি? আমাৰ বাইদেউ কিন্তু আচুতীয়াকৈ থাকে ।"
"নাইতো তেনেকৈ নাথাকো ।" ৰুকছানাৰ উত্তৰত শৰালি মনে মনে থাকিলে।
ৰাতি ভাত খাই থাকোতে সৰু টি.ভিটোত নিউজ্ চেনেলত অম্বুবাচী মেলাৰ আয়োজন দেখাই আছিলে । তেনেতে ভাত গৰহা মুখত ভৰাই জোনালীক শৰালীয়ে কৈ উঠিল " অ'ই বা এতিয়া আৰু তই মাহেকীয়া হ'লে লেতেৰা কাপোৰসোপা ধুই থাকিব নালাগে মইয়ো নলওঁ । পেড ল'ব পাৰিবি , মই নামো সুধি আহিছো ৰুকছানাক , হেৰি.. কি আছিল নামটো .. অহ্.. ষ্টে.. ষ্টে.. ষ্টেফ্ৰী!!"
"হেই আঁকৰীজনী , চুপ ! দেউতাৰৰ আগত এইবোৰ কথা ক'ব লাজ নাপাঅ'?" মাকৰ ধমকত তাই আকৌ মনে মনে ভাত খাব ধৰিলে। দেউতাকেও হাঁহি মাৰি "হেৰা হ'ব দিয়াহে" বুলি কথাটো সামৰি থৈ দিলে। কাঁহি কেইখন চপাই মাকে জোনালীক ক'লে " মাজনী কাইলৈ সাথ্ ভাঙিব নহয়, সোনকালে উঠিবি ।"
"সাথ্? মানে ?" শৰালিয়ে আকৌ মাকলৈ এৰিলে প্ৰশ্নৰ বাণ।
"আহাৰ মাহত দেৱী মা কামাখ্যা 'অসুবিধা' হয় আৰু সেয়ে কাইলৈ সকলো ধুই-পখালি বিশুদ্ধ কৰি দেৱী মাক পূজা কৰা হয় ।" মাকে বুজাই দিলে।
কুঁৱা পাৰত বাচন ধুই থকা মাক আৰু জোনালীক যেন শৰালিয়ে চিঞৰি সোধা প্ৰশ্নটোৱে নিঃচুপ কৰি পেলালে " অ' মা ! দেৱী কামাখ্যা আমাৰ নিচিনাকৈয়ে 'গা' যায় নেকি? তেতিয়াহ'লে আমাক কিয় আঁচুতীয়াকৈ ৰাখে? আমাক কিয় মাহেকীয়া হ'লে ভগৱানৰ ওচৰত যাব নিদিয়ে ? অ' মা নোকোৱা কিয়?" ......
‘তেলৰ আগ খোৱা’ নহৈ বাঘৰ আগ তেল খোৱা হ'লে ভাল আছিল ।
ReplyDelete