বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু সামাজিক ‌বিপৰ্যয়(৫ম খণ্ড)~হাফিজ বায়েজীদ বোস্তামী

©Admin
0
ঠিক একেটা কথাই দ্বি-চক্রযান ব্যৱহাৰৰ ক্ষেত্রতো প্রযোজ্য। কম বয়সীয়া সন্তান-সন্ততিসকলৰ মনোবাঞ্চা পূৰণ কৰিবলৈ গৈ আমি অভিভাৱক সকলে তেওঁলোকক ঠেলি দিছো বিপদৰ ফালে। আকৌ লগেভাগে গাই ফুৰিছো যি বয়সৰ যি ধর্ম। যৌৱনত মদমত্ত সন্তান-সন্নতিবোৰৰ ভয়-ভীত একোকেই নাই । প্ৰবাদ আছে, ষ্টিয়াৰিং যাৰ হাতত সি নিজেই বাকী সমস্তক হেয় প্ৰতিপন্ন কৰে । আজি কালি চৰকাৰ তথা বেংক বদান্যতাত গাড়ী, মটৰ চাইকেল আদি সমাজত সহজলভ্য হৈ পৰিছে।পৰিৱেশ আৰু পৰিস্থিতি অনুযায়ী মানুহৰ মানসিকতাও হৈছে পৰিৱৰ্তন । তাৰ লগে লগে আমিও হৈ পৰিছো পৰিৱৰ্তন। বহুতে আকৌ পৰিৱৰ্তনৰ নামত পিন্ধিছে চৰম মুখা। এনে চৰম নীতিহীনতাৰ ঘূর্ণাৱর্তে চক্ৰাকাৰে ঘূৰি ফুৰিছো আমি আটায়ে। ন্যায়বোধ-মূল্যবোধ বোলা বস্তুটো কেতিয়াবাই বিদায় লৈছে আমাৰ জীৱনৰ পৰা । স্কুল-কলেজ, অফিচ-আদালত সমস্ত ঠাইতে আমাৰ পিতৃ-মাতৃ, ককা-আইতা, ভাই-ভগ্নী, বন্ধু-বান্ধৱী সকলোৱে যথাসাধ্যনুযায়ী কৰ্ম কৰি গৈছে লগতে তেওঁলোকৰ কৰ্মৰ বিনিময়ত যথা পাৰিশ্রমিকও পাইছে। তেনেহ'লে কিয় আজি মুদ্ৰা অবিহনে ক'তো কোনো কাম সমাধান নহয়? প্রাইভেট টিউটৰ অবিহনে পৰীক্ষাত বিদাৰ্থী সকলে কৃতকাৰ্য হ'ব নোৱাৰে ! উচ্চ মানদণ্ডৰ অনুষ্ঠানবোৰত ভৰ্তি হ'বলৈ হ'লে  বৰঙণি অবিহনে প্রৱেশাধিকাৰো পোৱা নাযায় । কিন্তু অতি আশ্চর্যকৰ হ’লেও সত্য, যিবোৰৰ প্ৰতি আমি মনে-প্রাণে নল’লেওঁ মানিবলৈ বাধ্য হৈছো। মানিবই লাগিব অন্যথা ইয়াৰ বাবে আন কোনো বিকল্প  নাই। আচলতে প্রতিকাৰৰ কোনো পথ নাই। কোনে প্রতিকাৰ কৰিব? ৰক্ষকই য'ত ভক্ষক, প্রতিকাৰৰ  আশা কৰাটো বৰ্তমান মুৰ্খামী বাদে আন একো নহয়। বিচাৰৰ বাণীসমূহ য'ত মৌন-নীৰৱে-নিভৃতে কান্দে ।
   প্রসংগক্রমত আৰু এটি কথা নক’লেও নহয়। সন্তান-সন্ততি আদৰ্শবান কৰাত মাকৰ ভূমিকাই প্রধান। কাৰণ জন্মৰ আগৰে পৰাই নিজস্ব বোধ-বুদ্ধি নোহোৱা পৰ্যন্ত অবধি সন্তানৰ অ্যাটাচমেন্ট থাকে একমাত্ৰ মাকৰ সৈতে। ফলত সন্তানৰ ওপৰত মাকৰ প্রাধান্যতাও থাকে অত্যন্ত । এনে অৱস্থাত সন্তানৰ দোষত্রুটিবোৰ পিতৃৰ শাসনৰ পৰা দূৰত্ব বজায় ৰাখিবলৈ অনেক সময়ত অনেক মাতৃয়ে সন্তানক অলপ প্ৰশ্রয় দিয়ে । যদি স্বীকাৰ কৰিবলগীয়া হয় তেন্তে ক'ব লাগিব যে, আগৰ তুলনাত আজিৰ মাতৃয়ে সন্তান-সন্ততিৰ লেখা-পঢ়া আদি কৰি নাচ-গান বা সংগীত শিক্ষা, অঙ্কন প্রভৃতি আটাইবোৰৰ ক্ষেত্ৰতেই অনেক বেছি যত্নশীল আৰু আধিপত্যও বজাই ৰাখে। এই আধিপত্য ও প্ৰশ্রয়ৰ ফল কিন্তু বেছি শুভ নহয়। পিতাৰ প্রতি সন্তানৰ, বিশেষকে উঠি অহা সন্তানৰ মনত অতি সূক্ষ্মভাৱে এটোপ-এটোপ কৰি এটি মানসিক দূৰত্বৰ সৃষ্টি হৈ কালক্ৰমত  বিৰাট আকাৰ ধাৰণ কৰিব পাৰে। যাৰ একমাত্ৰ অৱধাৰিত ফলাফল পিতাৰ প্রতি পুত্রৰ মতানৈক্য ও বিৰোধ। পিছে এনে বিস্তৰ মানসিক দূৰত্ব নিৰ্মাণ হয় আৰু এইবোৰ কোনো কিছুতেই আর্ত সু-চতুৰ ৰূপে কৰ্মত কিছুমান ৰাজনৈতিক অভিভাৱক সাময়িক মোহগ্রস্ত, পক্ষান্তৰত পথভ্রষ্ট, সন্তানৰ মগজু ধোলাই কৰিবলৈ গৈ তেওঁলোকৰ মূৰত নামি পৰে এক অনাসৃতিৰ ঢল। যি পৰম পিতা-মাতা হৈছে সমাজৰ আটাইতকৈ অধিক মৰ্যাদাশালী সেই পিতা-মাতাবোৰ এতিয়া হৈ পৰিল এই শ্রেণীৰ বাবে একমাত্ৰ শক্র। সিহঁতৰ মতে কেনেকৈ এই শ্রেণীৰ শত্রুসকলক শেষ কৰা যায় এয়াই হ'ল ইহতঁৰ বাবে প্রথম তথা প্রধান কৰ্ম। এনে অৱস্থাত নিজ সন্তানক আদৰ্শ ব্যক্তি হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে মাতৃসকলে যদি আৰু অলপ যত্নশীল, সাৱধানতা অৱলম্বন কৰে তেতিয়াহ'লে আজিৰ এই জ্বলন্ত সমস্যাৰ সমাধান কিছু হ'লেও সম্ভৱপৰ হ'ব। কেতিয়াও আমাৰ দেশত এনে বৃদ্ধাশ্রমৰ প্রয়োজন ন'হব । কাৰণ আজিৰ যুৱক অহাকালি বৃদ্ধত পৰিণত হ'ব। তেতিয়াহে এই সমস্যাৰ সমাধান হ'ব। এনে মানসিকতা মনত পুহি ৰখাটো এক প্ৰকাৰৰ মূৰ্খামী।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)