ৰূপান্তৰৰ শিল্পী-গীতাৰাণী পাঠক দাস

©Admin
0
হে ৰূপান্তৰৰ শিল্পী , 
প্ৰণামো তোমাক শত কৌটি বাৰ 
বিপ্লৱী মনিষাৰ প্ৰতীক তুমি 
সুন্দৰৰ নৱ নৱ সৃষ্টিৰে 
জগত পোহৰাই তুলিলা 
নতুনৰ বন্তি জ্বলালা ।
হে সুন্দৰৰ পূজাৰী , 
তুমি গুণৰ সাগৰ 
লুকাই লুকাই আছা চিৰকাল 
জনতাৰ হিয়াৰ মাজত ।
হে বিপ্লৱী মহীয়সী সত্তা , 
তোমাৰ কবিতাৰ ছন্দে ছন্দে বাজে 
বিপ্লৱী ভাৱধাৰা আৰু জাতীয় 
উদ্দীপনাৰ নৱ -চেতনা ।
অসম শান্তি বাহিনীৰ তুমি সৰ্বাধিনায়ক 
বিপন্ন কৰি নিজৰ জীৱন
দেশমাতৃৰ বাবে কৰিলা জীৱন অৰ্পণ ।
সমন্বয়ৰ সেতু গঢ়িলা 
বিশ্ব প্ৰগতিৰ জোনালী বাটত 
সাতো ৰঙৰ ৰামধেনু আঁকিলা ।
তোমাৰ সৃষ্টিত শুনোঁ জনতাৰ আৱাহন 
মৃত্যুক নেওচি কৰা দূৰ্জেয় অভিযান ।
নানা গীত , নাটক , কবিতাৰে 
ৰচিলা বিশ্বৰ দৰবাৰত 
উজ্জ্বল প্ৰতিভাৰ নিদৰ্শন 
প্ৰথম অসমীয়া ছবি "জয়মতী "ৰ 
অনুপম সৃষ্টিৰে ৰাখিলা কাললৈ খ্যাতি 
ধন্য হ'ল আজি অসমীয়া জাতি ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)