খোজ দিছিলোঁ
এটি আনে নোযোৱা বাটেৰে,
সেউজীয়া সপোন হৈছিল ৰাঙলী,
উদৰৰ যাতনা কʼত, পিয়াহৰ পানীটুপি ,
মুখৰ হাঁহিতে সমাপ্তি যত সুখৰ প্ৰাপ্তি!
মাথোঁ
পাইছোঁ আঙুলিৰ মূৰত সঁহাৰি
পথ যে মোৰ আওহতীয়া,
লক্ষ্য মোৰ সেই প্ৰশান্তি,
য'ত
জাহ যায় বিষাদ-অৱসাদ,
হুমুনিয়াহ কত, ইহকাল-পৰকালৰ;
হাড় ভঙা শ্ৰমিকে
থিয়হৈ পুনৰাই চিঞৰি উঠে
এই জীৱন জিন্দাবাদ,
কান্ধত কাঁইটীয়া আদৰ্শৰ জোলোঙা আঁৰি!
🔳নীল প্ৰজাপতি