জীৱন

©Admin
0
হে মোৰ জীৱন 
জীৱন , কি দিলি তই মোক ?
দিলি কি তই ?
মাথোঁ দুখ নে মাথোঁ সুখ নে আন কিবা ?
নাই , সঁচাকৈ মই জীৱনত পালোঁ বহু দুখ
সেইবাবে মোৰ জীৱনটোত ইমান বিদ্ৰোহ ।
কেতিয়াবা লাগে আকৌ 
মৰিম কিয় বাৰু মই ?
মৰিলে বাৰু জীৱনৰ দুখ শেষ হৈ যাবনে ?
জীয়াই থাকিলেও আকৌ নাপাম জানো দুখ ?
দুখ , কেনেকৈ তোক মোৰ জীৱনৰ পৰা আঁতৰাম
দে কিবা এটা উপায় , দে তই ! নহ'লে মই ধ্বংস হৈ যাম ।
কেতিয়াবা দেখিছো বহু অন্ধকাৰ 
কেতিয়াবা পোহৰ ,
পোহৰ আহে অতি কম 
অন্ধকাৰে আৱৰি ধৰে গোটেই জীৱন ।।
 
🔴প্ৰতিভা ফুকন
আমগুৰি মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)