বনভোজ আৰু আমাৰ দায়িত্ববোধ

©Admin
0
বৰ্তমান সময়ত অসমৰ চৌপাশে বনভোজলৈ যোৱাৰ উজান উঠিছে কণ কণ লৰা-ছোৱালী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ডেকা-গাভৰু,বয়জেষ্ঠ আদিকে ধৰি প্ৰায় সকলোৰে মাজত এটা কথাই বিশেষ হিচাপে পৰিগণিত হৈ আছে সেয়া হ'ল বনভোজ। প্ৰত্যেক বছৰৰ শেষত বা নতুন বছৰক আদৰণি জনোৱাৰ প্ৰাকক্ষণত সকলোৰে মনলৈ মাথোঁ এটাই চিন্তা বনভোজ খাবলৈ ক'ত গলে বেছি উপযুক্ত হ'ব, কেনেকৈ যোৱা হ'ব, কেনে ধৰণৰ ব্যঞ্জনক বিশেষ স্থানত ৰখা হ'ব আদি প্ৰশ্নই মনত খেলি মেলি লগায় থাকে। ঠিক সেইদৰে বনভোজত যাওঁতে কেনেধৰণৰ কাপোৰ পিন্ধি গ'লে বেছি আৰামদায়ক হ'ব! এনেধৰনৰ কথাই খেলি মেলি লাগি উদ্দিপক কৰি তোলে। 
সেই বিশেষ দিনটোত পৰিয়াল বা সমনীয়াৰ লগত ঘৰৰ পৰা কোনো মুক্ত ঠাইত বছৰৰ শেষত বা নতুন বছৰ আদৰণি জনোৱাৰ উদ্দশ্যৰে কোনো এটা বিশেষ দিনত উলহ-মালহেৰে বনভোজ খোৱাৰ পৰিকল্পনাৰ মাদকতাই সুকীয়া। সেই বিশেষ দিনটোত গীত-মাত, ৰং- ধেমালি,খেলৰ মাজত এক বুজাব নোৱাৰা পৰিবেশে মানুহৰ মন, প্ৰাণ আপ্লুত কৰি চিনাকি, অচিনাকি মানুহৰ মাজত মত বিনিময়ৰ মাজেৰে বন্ধুত্বৰ সম্বন্ধ গঢ়লৈ উঠে। 
বনভোজ স্থলীত ভিন্ন ব্যঞ্জনেৰে খানা ৰন্ধাৰ প্ৰস্তুতি আৰম্ভ কৰি ইজনে সিজনৰ সহায় সহযোগত খাদ্য প্ৰণালী প্ৰস্তুত কৰি খোৱাৰ মাদকতাই বুজাব নোৱাৰা অনুভূতি।
কিন্তু ইয়াতে কথা এটা সংযোজন কৰিব বিছাৰিছো যে, বনভোজ খাবলৈ যোৱাটো খুবেই ভাল কথা। 

ঘৰৰ পৰা অলপ বাহিৰলৈ ওলাই গৈ বনভোজ খোৱাৰ উদ্দেশ্যি মানুহৰ মনত আনন্দ-ফুৰ্তিৰ জৰিয়তে সেই পৰিবেশৰ মাজত নিজকে আবদ্ধ কৰি নিজকে ফৰকাল যেন লাগে। সেই বনভোজ ঠাই ডোখৰ পৰ্যবেক্ষণ কৰি কিছু অভিজ্ঞতা আহৰণ কৰা দিশত অধিক মনোযোগ প্ৰদান কৰা হয় তেতিয়া সেই বিষয়ে নজনা সকলক জ্ঞান দিব পাৰি। আৰু বনভোজ খাবলৈ যোৱা ঠাইডোখৰৰ প্ৰতি আমাৰ সকলোৰে দায়বদ্ধ থকাটো উচিত কিন্তু বৰ্তমান সময়ত কিছু সংখ্যক। লোকে যি ঠাইত বনভোজ খাবলৈ যাই কিন্তু ঠাই পৰ্যবেক্ষণ কৰাৰ বিপৰীতে সেই ঠাই ডোখৰ পেলনীয়া প্লাষ্টিক, নানা আবৰ্জনা সামগ্ৰীৰে লেতেৰা কৰি বিনিষ্ট কৰি পেলাই পিছলৈ সেই ঠাই ডোখৰত আন লোকে আহি বনভোজ খোৱাৰ কাৰণে অনুপযোগী কৰি পেলাই। ঠিক সইদৰে আন কোনোৱে বনভোজ খোৱা স্থানত ৰাগীয়াল দ্ৰৱ্য সেৱন কৰি সেই ঠাইতে আৱৰ্জনা সমূহ সিচঁৰিত কৰি থৈ অশ্লীল নৃত্য, অভব্য আচৰণে গোটেই পৰিবেশ বিনিষ্ট কৰি পেলাই। এটা কথা পাহৰি পেলাই! সেই স্থানত যে ভিন্ন ঠাইৰ ভিন্ন সভ্য ব্যক্তি বা পৰিয়ালৰ সৈতে বনভোজ খাবলৈ অহা লোক থাকে। তেনে অভব্য আচৰণ কাষতে থকা সৰুৰ পৰা বয়জেষ্ঠ সকলোৱে তেনে কাৰ্য দেখি লাজ, আত্ম সন্মানে বনভোজ খাবলৈ যোৱাৰ ৰং, উলাহ নিমিষতে নোহোৱা কৰি পেলাই আৰু সেই পৰিয়ালটো পিছলৈ সেই ঠাইত বনভোজ খাবলৈ আহিব বুলি আশা কৰিব নোৱাৰি! কিয়নো উঠি অহা কণ কণ লৰা-ছোৱালী বোৰে তেনে কাৰ্য, দৃশ্য দেখি তাকেই অনুসৰণ কৰিব পাৰে বুলি মনলৈ ভাৱ আহে বা অহাটো স্বাভাৱিক! গতিকে আমি কোনো এক ঠাইত বনভোজ খাবলৈ যোৱাৰ পিছত ৰং-ধেমালি বা ভিন্ন অনুষ্ঠান উপভোগ কৰিব লাগে কিন্তু সেই ঠাইত আন কোনো যে মানুহ থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ ব্যৱহাৰ বা সন্মান ৰাখি চলাটো নিতন্তই প্ৰয়োজন বোধ কৰা উচিত। সেয়ে কোনো এজন ব্যক্তিৰ অভব্য আচৰণে যদি গোটেই পৰিবেশটো বিনিষ্ট কৰিব পাৰে তেতিয়া তেনে আচৰণ কৰা ব্যক্তি জনক সচেতন ব্যক্তি সকলে উচিত শাস্তি প্ৰদান কৰি সেই সুন্দৰ পৰিবেশ সূচাৰুৰূপে পৰিচালনা কৰা দিশত অধিক মনোযোগ প্ৰদান কৰা উচিত। নহলে যদি পৰ্যায়ক্ৰমে এজন বা দুজন ব্যক্তিৰ অভব্য আচৰণৰ ফলস্বৰূপে আমাৰ ঐতিহ্যমণ্ডিত বনভোজ স্থলী সমূহ বিপথে পৰিচালিত হয় তেতিয়া পিছলৈ সেই স্থান সমূহত বনভোজ খাবলৈ অহা লোকৰ সংখ্যা কমি যোৱাৰ আশংকা থাকে গতিকে বনভোজ স্থান সমূহ পৰিচালনা কৰা সমিতি সকলে উক্ত দিশত তীক্ষ্ণ চোকা দৃষ্টিত আবদ্ধ কৰি ৰখাটো খুবেই দায়িত্ব আছে বুলি ভাবোঁ। বনভোজ খাবলৈ যোৱা লোক সকলে যেতিয়া খোৱা বা সকলোঁ কাম শেষ হয় তেতিয়া বনভোজ খোৱা স্থান খিনিত লেতেৰা আৱৰ্জনা বোৰ সুন্দৰকৈ চাফ-চিকুন কৰি পৰিবেশ খিনি সুন্দৰকৈ পুৰ্বৰ দৰে পৰিবাতিকৈ ৰখা উচিত আৰু আপোনাৰ তেনে আচৰণ দেখি আন আন লোক সকলে নিজৰ নিজৰ বনভোজ স্থান সমূহ সুন্দৰকৈ চাফ চিকুন, পৰিবাতিকৈ থৈ ঘৰলৈ উভতি আহিব লাগে কিয়নো আপোনাৰ অকনি কৰ্ম দক্ষতাই  যদি সেই বনভোজ স্থান ডখোৰৰ পৰিবেশ খিনি সৰ্বাংগীন সুন্দৰ হৈ থাকি সকলোৰে মাজত বিশেষ বনভোজ স্থান হিচাপে পৰিগণিতহৈ বনভোজৰ দল ভৰি থাকিব বুলি আশা কৰিব পাৰি ।


🔴কনমণি নাথ(বাক্সা) ৯৯৫৭৮৪৬৯৯০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)