কিয়-জহিৰুল ইছলাম

Rinku Rajowar
0
বুঢ়া লুইতৰ আজি ভৰ-যৌৱনা 
ঢৌবোৰত এক অচিনাকি গোন্ধ
মাছমৰীয়াৰ টুলুঙাখনৰ মতলীয়া বিচৰণ
ক্ষণে আগে ক্ষণে পিছে
যেন এক আদিম আলিংগন।

পানীবোৰ ঘোলা
সেয়েহে হয়তো অন্ধ আজি বুঢ়া লুইত
ফেনে ফুটুকাৰে ধুই নিয়া দুয়োপাৰৰ সপোনবোৰ
এতিয়া এক নষ্টালজিক আখ্যান

"ইয়াত এখন গাঁও আছিল"
আছিল ৰহিম,ৰাজু, জয়নব,মালেকাহঁতৰ সোনোৱালী শৈশৱৰ সেউজীয়া বসন্ত
সকলো হেৰুৱাই আজি
সিহঁত অবৈধ বাসিন্দা
টিভিৰ পৰ্দাত সিহঁত ঘনে আহে ঘনে যায়
যেন সিহঁত নহ'লে, সিহঁতৰ চুলায় নজ্বলে এটা দিনো 
সিহঁত জানে সিহঁতৰ ইতিহাস
ককা-আজোককাৰ তেজৰ চেকুৰা যদিও লাগি আছে সিহঁতৰ ফঁটা-ছিগা কামিজবোৰত
তথাপি সিহঁত অবৈধ
কিয়?


      ✍️ জহিৰুল ইছলাম, গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)