আজিৰ দিনটো বিশেষত্ব-২৮ জানুৱাৰী

©Admin
0

🔷২৮ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮তম দিন। বছৰ শেষ হ'বলৈ ৩৩৭ দিন (অধিবৰ্ষত ৩৩৮ দিন) বাকী থাকে ।


🔷 ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ পক্ষই প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলিচালনা কৰে। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়।


🔷১৮৬৫ - ভাৰতীয় স্বাধীনতা সংগ্ৰামী লালা লাজপৎ ৰায়ৰ আজিৰ দিনটোতেই জন্ম হয় । (মৃত্যু: ১৯২৮)


🔷১৯১৮ - ভাৰতীয় ফুটবল খেলুৱৈ আৰু চিকিৎসক  টালিমেৰণ আওৰ জন্ম হয় । (মৃত্যু: ১৯৯৮)


🔷১৫৪৭ - ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ আজিৰ দিনটোতেই মৃত্যু  হয় । (জন্মঃ ১৪৯১)


🔷১৯৩৯ - নোবেল পুৰস্কাৰ জয়ী আৰু আইৰিছ লেখক ডব্লিউ বি. ৱেটছ্ৰ আজিৰ দিনটোতেই মৃত্যু হয় ।  (জন্মঃ ১৮৬৫)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)