জাৰউইম ৫ ম খণ্ড - উপন্যাস-ৰাজেন দাস

©Admin
0
ঊণাওৱে  বেবেৰিবাং সমাজিকৰ কথাখিনি ভাবি ভাবি টোপনিৰ পৰা সাৰ পালে। কুকুৰাইয়ো জাক দিয়া সময় অলপ হৈছে। ইটোতকৈ সিটো কুকুৰাৰ মাত ডাঙৰ হয়। কাণলৈ মাতখিনি আহি আছে---
    "ক- ক- ক-ক-ক-ক- কু-কু-কু-ৰি-ক-ঔ
      ক- ক- ক-ক-ক-ক- কু-কু-কু-ৰি-ক-ঔ....
        ইটোৱে সিটোক খেদিছে। এটাই আকৌ নাতি দূৰৈৰ পৰা দেদাউৰিয়াই আহিছে। কিয় আহিছে ? ঊণাও  মাকে টেমা এটাত চাউল চটিয়াই  আছে। জুম জুম কৈ চাউলখিনি চোতালত চটিয়াইছে। নহ'লে ইটোৱে সিটোক খাবলৈ নিদিব। গচকিব। ফেনেকিব। খিচিৰ-মিচিৰ কৰিব। কাজিয়া লাগিব। ডাঙৰৰ ৰাজত্ব হ'ব। অৱশ্যে কুকুৰাৰ মাকে পোৱালীকেইটাক অতি মৰমেৰে খাবলৈ দিয়ে। নিজেও অংশগ্ৰহণ কৰে। নিৰাপত্তা দিয়ে। চাউল খাঁওতে  সৰু সৰু চুবুৰীয়া হৈ পৰে। ধেমালি কৰোঁতে একেলগে থাকে। সজাৰ ভিতৰত মাকৰ বুকুৰ ওমত থাকে। স্বৰ্গসুখত। পোক-পটঙ্গ খোৱাই-বোৱাই ৰাখে। মৰম কৰে। পোক এটা খুৱাই দিয়া দৃশ্য মন কৰিবলগীয়া। দুখন মুখ। দুখন যেন চেপেনা।
          "আ---আ--আ... "
            কিমান যে মৰম। মৰমত দিয়ে। লাহেকৈ মুখত বাকি। মাটিখিনি খুচৰা-খুচৰি কৰে। কুকুৰাৰ এই স্বভাৱটোৱে তেওঁলোকৰ নিজৰ পচন্দটো বিচাৰি উলিয়াই। কিন্তু ঠাইখিনি লেতেৰা-পেটেৰা কৰি দিয়ে। গৃহস্থালী ঘৰত এনে কৰিলে দুয়োঘৰৰ মাজত দণ্ড হয়। পাতলীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)