মানুহে এৰিলে অঘৰী জীৱন
এৰিলে চিকাৰ কৰা
গছৰ বাকলি, পাতৰ সাজ সলাই
পিন্ধিছে, সূতাৰে সজা ন ন ৰঙৰ পোছাক ।
জ্ঞানৰ আলোকত
আলোকিত হৈ
মানুহে আদৰি আনিছে
আধুনিকতাক ।
(২)
আকাশত চাং পাতিব খোজে
আদমৰ জাতে
শূণ্যতনো কেনেকৈ উৰি ফুৰিব পাৰে ?
সেই কথা চিন্তা কৰোঁতে কৰোঁতে
আধুনিকতাই সকীয়াই দিলে
হেলিকপ্তাৰ ,বিমান সজা
তেতিয়াহে শূণ্যত উৰি ফুৰিব পাৰিবা ।
আধুনিকতাৰ কবলত পৰি
মানুহে শূণ্যত উৰি ফুৰিব পাৰিলে ।