পোকৰ কামোৰ-শতাব্দী শৰ্মা

©Admin
0
মোৰ কাণত এটা পোক সোমাইছে !
পোকটোৱে দংশিব পৰাকৈ 
কাণখন কোমল হৈ গৈ আছে।
মোৰ মগজুত এবাহ পোক !
কিৰীলি মাৰি সিহঁতে
কৰ্তৃত্ব জাহিৰ কৰিছে।
পোকবোৰক প্ৰশ্ৰয় দিয়া নিদিয়াৰ 
দোমোজাত ক্ষুদ্ৰ ক্ষুদ্ৰ ঘুণগুৰি।
ঘুণগুৰিবোৰ চাফা হৈ নোযোৱালৈ
পোকবোৰক স্বাধীনতা দিছো কুৰুকিবলৈ।
পোকৰ ৰাজত্বত হস্তক্ষেপ নকৰাৰ 
পৰিণতিস্বৰূপে অযথা অবৈধতা।
সহ্য কৰি চাবলৈ আৰম্ভ কৰিছোঁ 
তীক্ষ্ণ বিষময় কিম্বা সৰল শুঙাবৃত
পোকৰ আঁচোৰ - কামোৰ। 


✍️শতাব্দী শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)