এদিন গছ ৰোপন কৰিলে। সৰহকৈ। তেতিয়া যিয়েই মনত নাহক। ৰোপন কৰি দিছিল। ফলেই দিয়ক। পাতেই দিয়ক। ছাইঁহেই দিয়ক। মনৰ চিন্তা বিকশিত হ'ব ধৰিছে। খেতি-বাতি কৰিব ধৰিলে। সমাজ পাতি থাকিব ধৰিলে। আঃ কি মজা। সকলো দেখোন নিচেই কাষৰত । সেয়েহে ঔপন্যাসিকে কৈছিল-
"চকু থাকি নেদেখিলোঁ, অন্ধলাই...
(নামঘৰীয়া)
আগৰ শিয়ালৰ মাতত থাকিব নোৱাৰি। মই এবাৰ মতিলাল পিতাই ঘৰত শুনিছিলোঁ।মামাই মোক কৈছিল---
" হো---আ---হো---আ----হো---আ-----শুনিবি । ভয় নকৰিবি। মামাই পিতাইলৈ ভয় কৰে। স্বাভাবিক। ভাত পানী খাই পাটিত পৰিছোঁ। পিতাই আকৌ ঘুঘুল কাটি কট বয়। বৰ ধুনীয়া। ধুনীয়া। বিক্ৰিও কৰে। বৰ আৰাম লাগে। বামুণী বিল। ডাঙৰ বিল। বহু মাছ আছে। পিতাইয়ে,জেঠুটিয়ে, আমাৰ দেউতাহঁতে বহু মাছ ধৰে। মাৰে। বিষয়াক ভাগ দিব লাগে। তেনেকৈ হ'লেও মাছ মাৰিবই। খাবলৈ। বিক্ৰি কৰিবলৈ। মাছ মৰাৰ চখত নহয়। পেটৰ তাড়ণাত। নহ'লে কণ-কণ ল'ৰা-ছোৱালীয়ে--
"পেটত গামোচা বান্ধি থাকিব লাগিব"। এই কথানো কোনে চাই থাকে। থাকিব। সেয়েহে মাছ মাৰিবলৈ, কাম কৰিবলৈ গাঁৱৰ মানুহে ভয় নকৰে। নকৰিবও। প্ৰকৃত সম্পদ প্ৰাপ্ত বা সংস্কৃতিৰ ৰোহঘৰটো ইয়াতেই।
কবিয়ে কোৱা নাই জানো-
" ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ"
আগলৈ
✍🏻ৰাজেন দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ