স্বাধীনতা ক'ত-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
স্বাধীনতা ক'ত আছা তুমি
স্বাধীন দেশৰ নাগৰিক হৈয়ো
আজি আমি পৰাধীন
তথাপিও নিলাজৰ দৰে কওঁ
আমি স্বাধীন হয় বুলি।
তিনিৰঙী পতাকাখন লৈ দৌৰো
যিমানেই যান্ত্ৰিকতাৰ 
মাজত সোমাই পৰিছোঁ 
সিমানেই পৰাধীনতাৰ 
গ্লানিয়ে বেৰি ধৰিছে 
যদি আমি স্বাধীনেই 
তেনে কিয় ইমান আতংক
ভয় আৰু শংকা 
চোক ভেকুলীৰ দৰে 
কিয় ভয়ত পেপুৱা লাগো
সাৱধানতাৰ বাণী পলে পলে
কিয় শুনিব লগা হয়।
তিৰংগ পতাকা উৰে 
তথাপিও কিমান নিৰ্ভয়ে 
মুক্ত হৈ থিয় হৈ থাকোঁ আমি
কেনে স্বাধীনতা এয়া 
এবাৰ চুই চাবলৈ মন যায়
স্বাধীনতাক..........
এবাৰ মুক্ত হৈ স্বাধীনতাৰ 
উশাহ ল'বলৈ মন যায় অ'

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)