অচিন চিনাকি -মনালিছা বনিয়া

©Admin
0
মৰমৰ অচিন চিনাকী |
নহওঁতেই চিনাকী আপোনাৰ লগত, 
তুলি ল'লো এখনি চিঠি আপোনালৈ বুলি, সঘনাই দুচকুত আজি কৰে অগা -দেৱা আপোনাৰ ছবি |
 যন্ত্ৰনাত আছোঁ ভুগি আজি বহুদিনে ধৰি, 
সেইয়ে তুলি ল'লো ক'বলৈ আজি মনৰ বাতৰি, ভাৱনাত বিভোৰ আজি মন কাষত পালে ক'বলৈ  বুলি খুলি | 
নিমিষতে নামিল অন্ধকাৰ আজি,
মনটোও গ'ল যেন আজি ভাগি উৱলি |
মৃত্যুয়ে যেন আজি মাতে হাত বাউলি | 
নোৱাৰিছো আবেগ বোৰক ধৰি ৰাখিবলে আজি, 
পুনৰবাৰ লগ পোৱাৰ হেঁপাহ ৰাখিলোঁ মনত সামৰি |
আপুনি নহাৰ আগতে নিৰ্মাণ নহওঁক মোৰ সমাধি | 
হলেওঁ বা নিৰ্মাণ  নুটুকিব চকুলো আপুনি |
নহ'লে যে নাপাব মোৰ আত্মাইও শান্তি | 
অন্তিম মিনতি এইয়ে মোৰ আপোনালৈ বুলি |
বাট চাই ৰ'ম মৃত্যুৰ সিপাৰৰ অচিন দেশতো আপোনালৈ বুলি | 
আপুনিয়ে যেন মোৰ মৰমৰ অচিন চিনাকী |


      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)