ভোগালীত ডেকাহঁত লাচিত হʼব

©Admin
0
এইবাৰৰ ভোগালীত
অগ্নি দেৱক একগোট হৈ পূজিম ,
অগ্নিগড়ৰ সুৰক্ষা কৱচ
জাতিটোৰ বাবে ভিক্ষা মাগিম !

লাগ লাগ লাগ ঐ...
জাগ জাগ জাগ ঐ...

শীতৰ জড়তা জোকাৰি প্ৰকৃতি জাগিব
গছ-লতিকা ফলে-ফুলে উপচি পৰিব ,
অস্তিত্বৰ যুঁজ যুঁজিবলৈ
হাত পোৰা মানুহবোৰ আকৌ এবাৰ জাগিব..

এইবাৰৰ ভোগালীত ডেকাহঁত লাচিত হ'ব !
প্ৰতিটো টিপাতে আয়ে লাড়ুটোত গুজি দিয়া
বাৰুদৰ শক্তিৰে শতৰুক ৰুধিব...

হাঁহে-মাহে হেঁপাহৰ এসাঁজ লগভাত খাবলৈ
কিমান যে আয়োজন !
ভেলাঘৰৰ ভাতে গঞাক এনাজৰীৰে বান্ধিব
মেজিৰ তলৰ কণী যুঁজে 
কণ কণ মইনাহঁতৰ মনবোৰ মুহিব !
"মণিকূট উৎসৱ"ৰ বুলবুলি যুঁজে
যুঁজৰ নৃশংসতা সোঁৱৰাব...

এইবাৰৰ মেজিৰ জুই 
দীপ্ত ক্ষোভৰ শিখা হৈ জ্বলিব...
তিনিআলি-চাৰিআলিত জ্বলোৱা ধূনীবোৰে 
হৃদয়বোৰ সংহতিৰ উত্তাপেৰে সেকিব ,
দেহ , মন , কলিজাবোৰ 
উচৱৰ উষ্মাত দেশপ্ৰেমী হ'ব...
দুখ-ভয় পাহৰি 
মোৰ আই আত্মহাৰা হৈ নাচিব...


✍️ গৌতম মালাকাৰ
           কৰিমগঞ্জ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)