ভোগালী বিহুৰ মেজিৰ অৱদান অতুলনীয়

বিহু অসমীয়াৰ প্ৰাণৰ , আবেগৰ য'ত অন্তৰ্নিহিত হৈ আছে ভাতৃত্ববোধৰ এনাজৰী । জাতীয় জীৱনত বিহু উৎসৱক স্বত্বঃফূৰ্ত ভাৱে পৰম্পৰা ৰক্ষা কৰি অসমৰ লগতে সমগ্ৰ বিশ্বতে অসমীয়া লোক সকলে জাতি , বৰ্ণ , ধৰ্ম নিৰ্বিশেষে অতি উলহ-মালহেৰে বিহু উৎসৱ পালন কৰি আহিছে । এই বিহুত অসমীয়া সমাজৰ জীয়ৰী-বোৱাৰীসকলে নিজৰ ঘৰতে বা অন্য ঠাইত লগ হৈ বিভিন্ন সুস্বাদ্য খাদ্য সামগ্ৰী যেনে লাৰু , পিঠা , চিৰা , দৈ আদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে । য'ত ভোগৰ উৎসৱ ভোগালী । অসমীয়া জন-জীৱনত মাঘ মাহত অনুষ্ঠিত হোৱা মাঘবিহুৰ কথাই সুকীয়া । ইয়াৰ অতুলনীয় ভূমিকা আছে । পুহ মাহৰ শেষৰ দিনটো , তথা ইংৰাজী জানুৱাৰী মাহৰ মাজভাগত অসমীয়া লোকসকলে পৰম্পৰাগত ভাৱে মাঘ বিহু উদ্‌যাপন কৰে । এই ভোগালী বিহুৰ মেজি হৈছে অতীজৰে পৰা প্ৰচলিত লোকবিশ্বাস অনুসৰি সমাজৰ পুৰুষসকলে আনন্দ উৎসাহৰ মাজেৰে একত্রিত হৈ কলগছৰ শুকান পাত , নৰা , খেৰ , বাঁহ আদিৰে তৈয়াৰ কৰা এটি ভেলাঘৰ । উল্লেখনীয় ভাৱে বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা দেখা যায় । মাঘবিহুৰ প্ৰথম দিন সংক্ৰান্তি বা দোমাহী । দোমাহীৰ আগদিনা উৰুকা হয় । উৰুকাৰ ৰাতি ঘৰৰ সকলো সদস্যই একেলেগে মিলি ঘৰতে অথবা ভেলাঘৰ বা মেজিৰ তলত মিতিৰ-কুটুম , বন্ধু-বান্ধৱৰ সৈতে এসাঁজ আমিষ ভোজন কৰি তৃপ্তি লয় । ভেলাঘৰত ভোজ-ভাত খাই আনন্দ কৰে । উৰুকাৰ পিছদিনা অৰ্থাৎ সংক্ৰান্তিৰ দিনা ঘৰৰ সকলো সদস্যই ৰাতিপুৱাই সোনকালে উঠি স্নান কৰে । আৰু পুৱাই মেজি জ্বলোৱাৰ প্ৰস্তুতি আৰম্ভ কৰি মাহকৰাই মেজিত উৎসৰ্গা কৰি তাৰে এটা অংশ ঘৰলৈ লৈ আনে আৰু বাকি বোৰ আম-কঁঠাল , কল-নাৰিকল , তামোল-পাণ , লেটেকু-পনিয়ল আদি গুটি লগা গছত গুটি বেছিকৈ লাগিবলৈ ছটিয়াই দিয়ে । মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰে । ইয়াৰ পৰা বিভিন্ন অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয় । এনেদৰে সকলো দেৱতাৰ প্ৰতিনিধি স্বৰূপে অগ্নিদেৱতাক মানুহে পূজা-অৰ্চনা কৰাৰ প্ৰথা অতীজৰে পৰা চলি আহিছে । এই বিহুত সকলোৰে ভাতৃত্ববোধ গঢ়ি উঠে । অৰ্থাৎ প্ৰকৃততে মাঘ বিহু যেন সম্প্ৰীতিৰহে উৎসৱ , নুই কৰিব নোৱাৰি ।

✍️চিন্ময় ডেকা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send