বিমূৰ্ত

©Admin
0

গলি গলি প্ৰেমবোৰ শেষ হয়
ক্ৰমশঃ আবেলিবোৰে তাক আঁজুৰি আনে... 

এটা ফাগুনৰ ষ্টপেজ সমাপ্ত


হেৰাই যোৱাৰ তীব্ৰ বাসনা 
আৰু তোমাক পোৱাৰ তৃপ্তি 
দুয়োটাতে কষ্ট হৈছে মোৰ 
বোবা মুহূৰ্তবিলাকতো প্ৰেমৰ পাৰ ভগা উছাহ...

ভাল মানুহ হৈ হেৰাই যোৱাৰ হেঁপাহটো মোৰ পুৰণি আছিল............

ষ্টপেজটো তেতিয়া আবেলি ..!!



✍️নেহাশ্ৰী নাথ 
বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)