স্মৃতি -প্ৰতিভা ফুকন

©Admin
0
এৰি থৈ গুচি যাম
স্মৃতিৰ এখিলা বগা কাগজৰ পাতত‌
সোণালী আখৰেৰে
চেলেংহাট  উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী দিনবোৰ।
হাঁহি - ধেমালি , কান্দোন , অভিমানৰ মাজেৰে ভৰি পৰা দুটা বছৰৰ সকলো স্মৃতি ।
বসন্ত নামে সোণাৰু ফুলে
সোণাৰুৰ হালধীয়া ফুলবোৰে
আমাৰ মন ৰঙীন কৰি তুলিছিল।
এক গোট হৈ আমি 
কিমান যে কথা পাঁতো,
ক'ত যে সপোন ৰঁছো।
মনে প্ৰাণে কামণা কৰিছিলোঁ
এই সময়বোৰ দিনবোৰ 
কেতিয়াওঁ শেষ নহওঁক বুলি। 
কিন্তু, সময় যে  বৰ নিষ্ঠুৰ ,
লাহে লাহে বিলীন হৈ গ'ল সেইদিনবোৰ ।
স্মৃতিৰ কলমত নিগৰি ৰ'ল 
চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী দিনবোৰ।
               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)