মই অতীত হ'ব নিবিচাৰোঁ‌ -বিনীতা বৰা

©Admin
0
 মই কাৰোঁ বাবে 
অতীত হ'ব নিবিছাৰোঁ
মই কবিতাৰ শব্দ হ'ব বিচাৰোঁ
মই নতুন কবিতাৰ ছন্দ হ'ব বিচাৰোঁ,

মই কাৰোঁ বাবে 
অতীত হ'ব নিবিছাৰোঁ
ডায়েৰীৰ উকা পাতত
কলমৰ চিয়াহি বোলাই 
মই নতুন উপন্যাস হ'ব বিচাৰো,

মই কাৰোঁ বাবে
অতীত হ'ব নিবিছাৰোঁ
মনৰ উচপিচনি জগাই
প্ৰকৃতিৰ বুকুত 
উলাহত মতলীয়া হৈ
ৰিপ্‌ ৰিপ্‌ মলয়াৰ  সৈতে
মই শেৱালীৰ সুৱাস হ'ব বিচাৰোঁ ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)