দুখ ঢাকি হাঁহিবলৈ শিকা-ৰুমী কলিতা দত্ত

©Admin
0
ৰাতিপুৱা ঘৰৰ সমস্ত দায়িত্ব পালন কৰি মহিলাকেইগৰাকী যথাসময়ত কৰ্মস্থানত উপস্থিত হ'লহি । ইটো-সিটো কথাৰ মাজেৰে ঘৰুৱা সমস্যা তথা অশান্তিবোৰৰ কথা-পাতিয়েই কামবোৰ কৰি থকা মুনুৱে মন কৰিলে । তাই মনে মনে ভাবিলে - প্ৰতিজনী মানুহেই কিবা নহয় কিবা এটা সমস্যাৰে জৰ্জৰিত । সিহঁতৰ মনবোৰ যেন আঁউসীৰ আন্ধাৰে আৱৰা । 
        তেনেতে সিখন গাঁৱৰ এগৰাকী মহিলাই বস্তু এপদ বিচাৰি তাতে উপস্থিত হ'লগৈ। সেই মহিলাগৰাকীয়ে ইমানবোৰ ফুচুৰী কথা ক'লে যে সিহঁতে নিজৰ দুখ পাহৰি হাঁহিবলৈ ধৰিলে । তেতিয়া মুনুয়ে মনে মনে ভাবিলে - এই মানুহগৰাকীৰ বাৰু একো দুখ নাইনে ? তেওঁ যে নিজৰ লগতে আনকো হঁহুৱাবলৈ শিকিলে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)