মইনাৰ 'অ' ফলা

©Admin
0
(শিশু কাব্য)

'অ' হ'ল অমিতা
পকিলে মিঠা আৰু কমলা ৰঙী
বাকলিহে মাথোন দেখাত সেউজীয়া ।
'আ' হ'ল আমলখি
খাবলৈ কেঁহা ।
'ই' হ'ল ইটা
দেখিবলৈ ৰঙচুৱা পাতল অতিকে
ঘৰ সাজে মিহলি শিল-বালিৰে ।
'ঈ' হ'ল ঈদ
ঈছলামৰ বিহু ।
'উ' হ'ল উট
শুকান বালিৰ দেশত ফুৰে
ওখ পিঠিত কুঁজ ।
'ঊ' হ'ল ঊণ সূতা
আমি গাঁঠো চুৱেটাৰ ।
'এ' হ'ল এৰাগছ
পলুৱে ফুৰে বগাই পাত খাই খাই
এৰি কাপোৰ দিয়ে আমাক জিভাৰ লালটিৰে ।
'ঐ' হ'ল ঐৰাৱত
শকত দেহা ওলমা শুঁৰ ।
'ও' হ'ল ওলকবি
এবিধ চাপৰ উদ্ভিদৰ পাচলি
দেখিবলৈ গোটা ও বাকলি এৰাব পৰা ।
'ঔ' হ'ল ঔটেঙা
ফুলাম টেঙেচী বীজ ওখ বিৰিখৰ ।

✍🏻দিপিকা কামান , চিনাতলীয়া , লখিমপুৰ ।

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)