থলুৱা সংস্কৃতিলৈ প্ৰত্যাহ্বান আৰু আমাৰ কৰণীয়

©Admin
0
অসমখন আমাৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ মিলনভূমি ।  ৰাজ্যজুৰি সৰ্বত্ৰে পৰিচিত য'ত বিভিন্ন জাতি-জনগোষ্ঠী , ভাষা-ভাষী লোক যেনে- অসমীয়া ,বড়ো ,কছাৰী ,কাৰ্বি, ডিমাছা ,কোচ ,ৰাভা , নেপালী ,বঙালী ইত্যাদি  সংগমস্থলী । এই সকলো জাতি-জনগোষ্ঠীৰ দীঘলীয়া বৃহৎ সংমিশ্ৰণত একমাত্ৰ "অসমীয়া সংস্কৃতি" অপূৰ্ব সমাহাৰে পৰিপূৰ্ণ অসম আমাৰ মাতৃভূমি ইয়াৰে স্থানীয় ৰাজ্যৰ ভাষাটো আমাৰ সকলোৰে প্ৰাণৰ , আবেগৰ অসমীয়া ভাষা । অসমখন বৈচিত্ৰপূৰ্ণ সংস্কৃতিত বিৰাজমান । অসমত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহ আৰু তেওঁলোক প্ৰত্যেকৰে কলা ,কৃষ্টি ,সংস্কৃতি ,সাজপাৰ তথা সমাজ ব্যৱস্থাৰ এক সুকীয়া পৰিচয় আছে । অসমীয়া ,বড়ো ,ৰাভা ,কছাৰী, কাৰ্বি , মিচিং আদি বিভিন্ন জাতিৰ মানুহে অসমত একলগে ভাতৃত্ববোধৰ এনাজৰীৰে সহবাস কৰে। "নানা জাতি , উপজাতি বাৰেৰহণীয়া কৃষ্টি আঁকোৱালি হৈছিল সৃষ্টি এই মোৰ অসম দেশ।" অভূতপূৰ্ব কৃষ্টি-সংস্কৃতিৰে ভৰপূৰ । উল্লেখযোগ্যভাৱে , সংস্কৃতি মানৱ সৃষ্ট সামাজিক আচৰণ । কোনো এটি অঞ্চলত লোকাচাৰ , সাজপাৰ , জনজীৱন আদিয়েই সেই ঠাইখনৰ সংস্কৃতি । অৰ্থাৎ থলুৱা সংস্কৃতি মানৱ জীৱনৰ অপৰিহাৰ্য অংগ । এককথাত ক'বলৈ গ'লে সংস্কৃতি হ’ল বোৱঁতী নৈ । যেনেদৰে নৈৰ প্ৰবল সোঁতত নিৰৱচ্ছিন্ন গতিৰে পানী বৈ থাকে , সংস্কৃতিও তেনেকৈয়ে ধাৰাবাহিক গতিৰে চলি থাকে । সংস্কৃতি শব্দটো ইংৰাজী ‘culture’ শব্দৰ অৰ্থ হিচাপে অসমীয়া ভাষাত ব্যৱহাৰ হয় । ‘culture‘ শব্দটো লেটিন ভাষাৰ ‘colere’ পৰা উৎপত্তি হৈছে । ইয়াৰ অৰ্থ কৰ্ষণ কৰা অথবা খেতি কৰা । সংস্কৃতিৰ অৰ্থ অতি ব্যাপক । জীৱনত জ্ঞান ,বিশ্বাস ,কলা ,ৰীতি-নীতি ,আচাৰ-ব্যৱহাৰ ,উৎসৱ-পাৰ্বণ ,আইন-কানুন , ইত্যাদি  অন্যান্য সামাজিক ৰুচিবোধসম্পন্ন সামৰ্থ্যৰ সামগ্ৰীৰ যৌগিক বিশ্লেষণাত্মক ৰূপেই হ'ল সংস্কৃতি ।
      অসমত সংস্কৃতিৰ পৰিসৰ অতি ব্যাপক । অসমৰ জাতীয় উৎসৱ বিহু । ই অসমীয়া সংস্কৃতিৰ অন্যতম প্ৰধান অংগ । সংস্কৃতৰ ‘বিষুবৎ’ শব্দৰ পৰা বিহু শব্দটো উৎপত্তি হৈছে । অসমীয়াৰ বিহু উৎসৱ প্ৰাণৰ ,আবেগৰ আনন্দৰ উৎসৱ। বিহুৰ নৈসৰ্গিক ছবি ফুটি উঠে ডেকা-গাভৰু , জীয়াৰী-বোৱাৰী , বুঢ়া-বুঢ়ীৰ ঢোল , পেঁপা , গগনা , বাঁহীৰ সুললিত সুৰৰ ঝংকাৰত । উল্লাস উদ্দীপনাৰে বিহু অসমৰ আটাইতকৈ জনপ্ৰিয় লোক-নৃত্য বিশ্বজুৰি জ্ঞাত । বিহু উৎসৱৰ থলুৱা সংস্কৃতি বুলি ক'লে লাড়ু , পিঠা , চিৰা , সান্দহ লগতে থলুৱা খেলবোৰ যেনে ধৰক - ম’হ যুঁজ , কুকুৰা যুঁজ ,কণী যুঁজ , শেন যুঁজ , ঢাল খেল আদিয়েই প্ৰধান । সংস্কৃতিয়ে জ্ঞান , বিশ্বাস , কলা , আইন , আচাৰ-ব্যৱহাৰ আদিৰ যোগেদি মানৱৰ সামগ্ৰিক জীৱন চৰ্যাক সামৰি লয়।
সাম্প্রতিক সময়ত আধুনিকতাৰ অংশীদাৰিত্ব গ্ৰহণ কৰা নৱপ্ৰজন্মৰ মাজত থলুৱা সংস্কৃতি বোৰৰ ক্ৰমে বিলুপ্তিৰ উপক্ৰম হৈছে । যান্ত্রিকতাৰ যুগত পুৰণিক পাহৰি পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । উল্লেখ্যযোগ্যভাৱে , বৰ্তমান সময়ত তাহানিৰ সেই ম'হ যুঁজ , কণী খেল, কুকুৰাৰ যুঁজ আজিৰ প্ৰজন্মই উপলদ্ধি কৰিব নোৱাৰে , তাহানিৰ সেই জীয়া স্মৃতি  , অনুভূতিৰ মাদকতা । এইক্ষেত্ৰত উঠি অহা প্ৰজন্মই থলুৱা সংস্কৃতিক জলাঞ্জলি নিদি নৱজাগৰণৰ সৃষ্টিত বাটকটীয়া হ'ব লাগিব । তেতিয়াহে বৃহত্তৰ অসমীয়া সাহিত্য-সংস্কৃতিয়ে নতুন দিগন্তৰ সূচনা কৰিব । যুৱপ্ৰজন্ম‌ই বিশেষকৈ থলুৱা বাদ্যৰে পৰম্পৰাগত সংস্কৃতিক জীয়াই ৰখাৰ প্ৰয়াস কৰিবলৈ অহোপুৰুষাৰ্থ কৰাটো অত্যন্তই গুৰুত্বপূৰ্ণ। কিয়নো বাদ্যযন্ত্ৰ অবিহনে কোনো দিনে গীত , নৃত্য তথা লোক সংস্কৃতিত উত্তৰণৰ দিশলৈ ধাৱমান হ'ব নোৱাৰিব । পৰ্যায়মানে জনসাধাৰণৰ জীৱনধাৰা প্ৰকাশক আচাৰ-ব্যৱহাৰ ,গীত-মাত , নৃত্যবাদ , সাধুকথা , আখ্যান , খোৱা-লোৱা , আ-অলংকাৰ , পূজা-পাতল , খেতি-বাতি , লোক বিশ্বাস আদিৰ সামাজিক সমন্বয়ে লোক-সংস্কৃতি বা জন সংস্কৃতিৰ মূল হোতা স্বৰূপ । অসমীয়া সংস্কৃতিৰ অন্যতম গুৰুত্বপূৰ্ণ বাদ্য হ’ল-ঢোল । অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য । ঢোলক অসমীয়া লোকে দেৱবাদ্য বুলি কয়। অসমত বিভিন্ন ধৰণৰ ঢোল জাতীয় বাদ্যযন্ত্ৰ আছে । অসমীয়া সমাজত বৰঢোল , পাতি ঢোল , ঢেপাঢোল আদি ঢোলৰ প্ৰচলন। অন্যহাতে , অসমীয়া সংস্কৃতিৰ পৰিচায়ক বিহুৰ বাদ্য সমূহৰ ভিতৰত এক মোহনীয় লোক বাদ্য হ’ল - ম’হৰ শিঙৰ পেঁপা । আহোম স্বৰ্গদেউ সকলৰ শাসন কালত ৰাজ্যৰ শুভমুহূৰ্তত ‘ৰংশিঙা‘ আৰু অশুভ সময়ত ‘খংশিঙা’ বজাই প্ৰজাক জাননী দিয়াৰ নিয়ম প্ৰচলিত আছিল । লোকবিশ্বাস মতে , অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত বাঁহী এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ । বাঁহীক অসমত মুৰুলী , বংশী , বেণু , বাঁশী আদি নামেৰে জনা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোক-সংগীতত বাঁহী ব্যৱহাৰ কৰে । অসমৰ বিহুৰো বাঁহী এক উল্লেখযোগ্য বাদ্য । তাঁতশাল খন অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা এক বহুমূলীয়া সম্পদ । তাঁতশালত বোৱা গামোচাখনিয়ে অসমীয়া জনজীৱনত সুন্দৰ সুকীয়া আসন এখন দখল কৰি আছে। বিহুৱানৰ বাহিৰেও আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰৰ বাবে নানা ধৰণৰ কাপোৰ শিপিনী সকলে তাঁতশালত বৈ কাটি লয়। যেনে- চাদৰ-মেখেলা , চেলেং , ৰুমাল আদি। অসমৰ জাতি-জনজাতি তথা শিপিনী সকলৰ বাবে তাঁতশাল খন অতিকে আপোন । 
থলুৱা সংস্কৃতিৰ ক্ষেত্ৰত সততে উদ্ভৱ হোৱা পৰিঘটনাটো হ'ল ‘সংস্কৃতি পৰিৱৰ্তনশীল’৷ এই কথা ঠিক যে , সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰ ধাৰণাৰো পৰিৱৰ্তন হয় ৷ মানুহৰ মন ,মনোভাব সলনি হয় । উল্লেখযোগ্যভাৱে পূৰ্বতে মানুহে গাঁৱত সমাজ পাতি বাস কৰিছিল ৷ বৰ্তমান সময়ত যান্ত্রিকতাৰ যুগত মানুহবোৰ নগৰমুখী হ’ল ৷ নানা ধৰণৰ সমস্যাৰ বাবে গাঁৱৰ পৰা চহৰলৈ ঢাপলি মেলিলে শিল্প-বাণিজ্য , কৰ্ম সংস্থাপনৰ অথবা অন্য কাৰণত । সময়ৰ ব্যৱধানত পৰিৱেশ-পৰিস্থিতিয়ে মানুহক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰিবলৈ বাধ্য কৰিলে লাহে-লাহে প্ৰচলিত পৌৰাণিক নিয়ম-নীতি , আচাৰ-ব্যৱহাৰ ধৰি ৰখা কঠিন হৈ পৰিল ৷ এই ক্ষেত্রত অৱশ্যে নিজস্বতাক বাদ দি পশ্চিমীয়া সংস্কৃতিক আদৰি লোৱাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে ? কিন্তু সকলো পৰিস্থিতিগত কাৰণত স্বীকাৰ কৰিলেও আমাৰ আপুৰুগীয়া সাংস্কৃতিক একেবাৰে মষিমূৰ কৰি পেলাই সম্পূৰ্ণ নগৰমুখী হৈ পৰাটো কেতিয়াও শুভলক্ষণ হ’ব নোৱাৰে ৷ ই সমাজৰ বাবে হিতকৰ নহয় । 
অসমীয়া সংস্কৃতিলৈ অহা এই সংকটৰ কাৰণ কেৱল নগৰীয়া সংস্কৃতিয়েই নহয় ৷ অসমীয়া সংস্কৃতি ক্ৰমে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ ক্ষেত্ৰত অন্যান্য কিছুমান কাৰকেও প্ৰভাৱ পেলাইছে ৷ যেনেধৰক প্ৰাকৃতিক পৰিৱেশ , নিবনুৱা সমস্যা , ধাৰ্মিক গোড়ামী , হত্যা , হিংসা , লুন্ঠন , ধৰ্ষণ ইত্যাদি ধৰণৰ কূটাঘাতমূলক অসৎ কাৰ্যৰ ফলত থলুৱা সংস্কৃতি বিঘ্নিত কৰি তুলিছে । বিশেষকৈ দ্ৰুত জনসংখ্যাৰ বৃদ্ধি আৰু অৰ্থনৈতিক অস্থিৰতা আদিয়ে নতুন প্ৰজন্মক সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত পৰোক্ষভাৱে বাধাৰ সৃষ্টি কৰিছে ৷ অসমীয়া সংস্কৃতিলৈ সঘনাই পৰিৱৰ্তন আহিবলৈ ধৰিছে ৷ এই পৰিবৰ্তনে গাঁও , নগৰ-চহৰ সকলোতে কম বেছি পৰিমাণে এতিয়া বিয়পি পৰিছে ৷ অসমীয়া সংস্কৃতিৰ কথা ক’লেই আমাৰ মনলৈ প্ৰথমতেই ভুমুকি মাৰে জাতীয় উৎসৱ বিহুৱে ৷ তিনিওটা বিহুক কেন্দ্ৰ কৰিয়েই অসমীয়া সমাজত প্ৰচলিত বিভিন্ন আচাৰ-ব্যৱহাৰ , নৃত্য-গীত , খাদ্যভ্যাস , সাজ-পাৰ আদিৰ মাজেৰেই অসমীয়া জাতিৰ এক নিজস্ব পৰিচয় বহন কৰি আছে ৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে নগৰসমূহৰ দৰেই গাঁওসমূহটো বিহুক কেন্দ্ৰ কৰি গঢ়ি উঠা সেই পুৰণিৰ আৱেগ কিছু ম্লান পৰিছে ৷ বৰ্তমান সময়ত নৱপ্ৰজন্মৰ দ্ৰুত ইন্টাৰনেটৰ ব্যৱহাৰে ভিডিঅ’ গেইম , কম্পিউটাৰ আদিয়ে জোনাকনিশা সন্ধিয়া আইতা-ককাৰ মুখত সাধু শুনা , সাধু কোৱা আদি প্ৰথাৰ প্ৰচলন কমাই আনিছে ৷ ইয়াৰ লগতে সাজ-সজ্জা , খাৱন-শোৱন , আ-অলংকাৰ , খেল-ধেমালি , প্ৰসাধন সামগ্ৰী , সোধন-পোছন আদিৰ ক্ষেত্ৰতো নতুন-নতুন বস্তুৱে চকুৰ চমক্ লগাবলৈ ধৰিলে নৱপ্ৰজন্মৰ মাজত ৷ ইয়াৰ সৰহ ভাগকেই আমি সময়ৰ পৰিৱৰ্তনৰ ফলত গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ যদিও বেছিভাগেই অসমীয়া থলুৱা সংস্কৃতিক জীয়াই ৰখাৰ দৃঢ় সংকল্প বাবে বদ্ধপৰিকৰ হোৱা উচিত ।


✍🏻চিন্ময় ডেকা , টংলা ওদালগুৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)