জীৱশ্ৰেষ্ঠ তুমি ,
সুজান মনৰ জীৱ
ধৰিত্ৰীৰ পুত্ৰ আমি ।।
নতুন বছৰৰ নবীন পৰশত
শুৱনি হৈছে ধৰা ,
সুধী লোকৰ বাণীৰে মুখৰিত
সুপ্ৰভ নিশাৰ মেলা ।।
বায়ুৰ সুধীৰতাই সুমিষ্ট কৰিছে
সুপথ্য ভোজনৰ আনন্দক ,
সুনীতিৰ পৰিৱেশে সুজনক কৰিছে
সুনয়নে আদৰিছে নতুনত্বক ।।
সুমীমাংসিত ধাৰণাবোৰে আকৌ
সমাদৰ লভিছে সমাজত ,
সুমিতি ঘটিছে জাতিৰ মাজত
সুবাটে নৱ প্ৰজন্ম ।।
সুপ্ৰিয় হ'ব সকলো ধাৰণা
সুখ-দুখক সামৰি ,
ঈশ্বৰৰ আশীৰ্বাদ লোৱা মানৱ জাতি
নতুনত্বক লোৱা আদৰি ।।
✍️সুশান্ত দাস , শিৱসাগৰ