আন্ধাৰ ভাল নোপোৱা মানুহৰ কথা

©Admin
0
আনে বিচাৰি নোপোৱা ঠিকনাত
হেৰাই যোৱাৰ প্ৰশ্নই নুঠে,
আমাৰ বাট পোহৰমুখী, বাস্তৱ৷
তুমি দেখুওৱা বাট আমাৰ 
প্ৰিয় নহয়,
সেই বাটত নাথাকে মানৱতা,
সেই বাটত নাথাকে
আমাৰ প্ৰশ্নবোৰৰ সৰল উত্তৰ৷
এই যে তোমাৰ কথাবোৰ
একাগ্ৰতাৰে শুনি আছোঁ
তাক আমাৰ দুৰ্বলতা বুলি ভুল নকৰিবা
আমি আচলতে অধ্যয়ন কৰিছো
তোমাৰ চিন্তাৰ গাঢ়তা,
আমি আজিও তোমাক
সঠিক বাট দেখুওৱাৰ নীৰৱ 
প্ৰয়াস কৰি আছো৷
আন্ধাৰক নতুন নাম দিয়াৰ
প্ৰয়োজনেই বা ক’ত
অৰ্থই বা কি আন্ধাৰমুখী হোৱাৰ,
আন্ধাৰ সদায়ে ভোকাতুৰ
সুযোগ বুজি
গিলি থব আমাক...

🔴 প্ৰণৱ চক্ৰৱৰ্ত্তী
নলবাৰী, ৯৮৬৪১৪৯৬৬৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)