শ্বহীদ প্ৰণামো তোমাক-চিন্ময় ডেকা

©Admin
0
চৌদিশে বিজয়ৰ ধ্বনি
স্বাধীনতাৰ উল্লাস
জাতীয় পতাকা হাতত লৈ,
বুকু ফিন্দাই আহিছোঁ
মোৰ দেশৰ বাবে,
জনমে-জনমে বাৰুকৈয়ে
হৃদয়ত জাগে জয়গান
স্বাধীন দেশৰ পৰাধীন মই
উদাত্ত তীব্র কণ্ঠৰে,
ক'ত জন শ্বহীদৰ 
কেঁচা তেজ ৰক্তৰে ৰঞ্জিত কৰিলা।
কৰুণ কাতৰ অশ্রুৰ নিদ্ৰা হ'ৰিল
সচাঁকৈ,বুকুৰ মাজত 
লুকুৱাই ৰাখিছোঁ অলেখ দ্বিধা
মাথোঁন অযুত বেথা,
ক্ৰমশঃ
শতবাৰ হেৰা, শ্বহীদ গণ প্ৰণামো তোমাক।

✍️চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)