এনে মৃত্যু শিল্প নহয়-ডাঃ মৃন্ময় কুমাৰ নাথ

সপোন দেখা ছোৱালী জনীৰ স'তে 
দেখা হৈছিল মোৰ।
তাই মোক কৈছিল
আকাশ খন কিমান ওখ
দেখিছানে?
সেই আকাশ খনেই চুবলৈ মন মোৰ।
অলেখ প্রত্যাশাৰে বুকুত বান্ধি 
এক সোনালী প্রত্যুষত
আকাশ চুবলৈ হাত মেলা
ছোৱালী জনীৰ 
আছিল এক দুৰ্জেয় প্রতিজ্ঞা।
এই প্রতিজ্ঞা নিজক প্রতিষ্ঠা কৰাৰ
এই প্রতিজ্ঞা পিতৃ মাতৃ ভগ্নীক লৈ
এখনি সপোনৰ ঘৰ সজাৰ।
কিন্তু নিজক প্রতিষ্ঠা কৰা
নহ'ল তাইৰ
নহ'ল তাইৰ সপোনৰ 
ঘৰ খন সজা।
হঠাতে অহা মৃত্যু নামৰ
কাল ধুমুহা জাকে
নিমিষতে ভাঙি চূৰমাৰ কৰি দিলে
কল্পনাৰ পাহাৰখন।
উৰুৱাই লৈ গ'ল
বুকুৰ হেঁপাহ বোৰ।
ৰুদ্ধ কৰি দিলে
জীৱনৰ পথ সেন্দুৰীয়া কৰাৰ
দুৰ্বাৰ গতি।
মৃত্যু এনেদৰেই আহে নে
যি মৃত্যুৱে বিধস্ত কৰি দিয়ে
মৰমৰ ঘৰখন
চিৰদিনলৈ মূক কৰি দিয়ে
ঘৰখনৰ মানুহ বোৰ।
এনে মৃত্যু শিল্প নহয় কাহানিও 
নহয় কোনো নিপুণ ভাস্কৰ্য।
এই মৃত্যু যে এক শীতল নীৰৱতা 
স্বপ্নভঙ্গ এক নিৰ্মম কৰুনতা।
নাহক আৰু এনে মৃত্যু কাৰো জীৱনলৈ কাহানিও।
নিতিতক কাৰো জীৱনৰ পথ 
বিষাদৰ চকুপানীৰে।
মাথো হাঁহিৰেই উপচি থাকক জীৱন বোৰ।
ফুলি ৰওঁক আশা ফুল বোৰ 
জকমককৈ।

✍️ডাঃ মৃন্ময় কুমাৰ নাথ

Post a Comment

Previous Post Next Post