নিৰ্বাক প্ৰেম-যদুমণি গগৈ

Rinku Rajowar
0
এক ঐশ্বৰিক মন্ত্ৰ শক্তি
স্নায়ু সংযোগ--
ভাতিয়লি প্ৰেমিকাৰ স'তে কথা পাতো 
হিয়াত হিয়া জুৰাই ---

ৰি -    ৰি -   শব্দৰে
ভাহি অহা তাই মাতত
"মই হেৰাই গ'লো"
প্ৰাক মুহূৰ্তত তাই সুধিলে 
"তুমি কেনে আছা "?

উত্তৰ দিবলৈ মনক মনে সুধি চালো
কিদৰে বাৰু বুজাওঁ তাইক
চেঃ কেনেকৈ মিছা মাতো-- -

তাই স'তে হিয়া মিলনৰ 
দিন ধৰি
চকুৰ আগত মনৰ দাপোনত
খেলি ওমলে তাই- - -
ক'লে বেয়াই পাব  নে  কি !

হাতত আধাফুলা  গোলাপ
বুকুৰ ধপ ধপনিত
কব নোৱাৰিলোঁ তাইক- - -
যে "মই প্ৰেমত পৰিলোঁ "।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)