অভিমানীৰ অচিনাকী চৰাইজনী-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
সময়বোৰ নিষ্ঠুৰ হ'লেও
পাহৰিব নোৱাৰোঁ কেতিয়াও
অতীতৰ কিছু স্মৃতি
কেতিয়াও মোৰ হৃদয়ৰ পৰা
একাষৰীয়া কৰিব নোৱাৰোঁ
অচিনাকী চৰাই জনীক।
অচিনাকী চৰাই জনীৰ চাৱনিত
জীপাল হৈ পৰে মোৰ
আলফুলীয়া হাঁহি...
তাইৰ সুৱাসেৰে উপচি পৰে
মোৰ অভিমানী হিয়া।
জোনাকত উৰি ফুৰা 
নিশাৰ অচিনাকী চৰাই জনীয়ে
বহু কথাই সুঁৱৰাই দিয়ে
নিজানৰ অচিনাকী চৰাইজনীৰ 
বিষাদভৰা কথাবোৰে 
মনত মোৰ আউল লগায়।
ক্লান্তিহীন নিশা যেতিয়া
অচিনাকী চৰাইজনীয়ে কান্দে
মোৰ হৃদয়ৰ ক্ৰন্দন বাঢ়ি আহে
দুখৰ হুমুনিয়াহ কাঢ়ো নিৰৱে
অভিমানী মনে অচিনাকী চৰাইজনীক
আকোঁৱালি লৈ বহু দূৰলৈ
উৰি যাব খোজে অবিৰাম হৈ।
অচিনাকী চৰাইজনীৰ চিন্তাতে
অভিমানী জনী ক্লান্ত হৈ জিৰালে
অশ্ৰু বন্যাৰ মাজত
উৰণীয়া অভিমানী জনী নিঃস্তব্ধ
হৃদয় উচুপি উঠে পলে পলে
অচিনাকী চৰাইজনীৰ বাবে।

✍️দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)