যজ্ঞসেনা | হিৰণ্যময়ী বৰুৱা

Rinku Rajowar
0
যজ্ঞসেনা কোৱাচোন বাৰু
মোৰ জীৱনৰ দিনলিপি কি?

পাৰিবানে ক'ব জীৱনৰ সাঁথৰ
মানুহৰ  মাজত মানুহৰ খবৰ,
ৰূপ ৰং তুলিকাৰে ক'তনো
বিচাৰি চাবা জীৱনৰ  কথা সাগৰ!
আহিছে মানুহ গৈছে মানুহ
মানুহ মায়াপী জীৱ
কবিয়ে কবিতাৰে কৈছে।
জীৱনৰ পল অনুপলবোৰ
কোন ঘাটত বিচাৰি যাবা
শুৱলা মাতষাৰ তাতে বিচাৰি পাবা।
মিঠামাতষাৰ কুলি চৰাইৰো আছে
কিন্তু,তাৰ শৰীৰ অৱয়ৱ নহয় সুন্দৰ।
সেয়েহে হয়তু কেতেকীজনীয়ে
ঘনহাবি ডৰাত বিণায়
ময়ূৰৰ নৃত্যত সকলো হয় আনন্দিত
কিয়নো,ময়ূৰত ৰূপৰ বৰ্ণনা আছে
ময়ূৰপক্ষী কিমান ধুনীয়া
নিজেও নেজানে হ'বলা।
কামচৰাইৰ ৰঙাঠুট
দেউতা অ,দূৰলৈ বিয়া নিদিবি মোক।
মানুহে মানুহ গঢ়ে

কবিয়ে কবিতা ৰচে
শিপিনীয়ে তাতশালত
শিল্পীৰ তুলিকাৰে
চিত্ৰ অংঙ্কন কৰে।
তেতিয়াহ'লে কোৱাচোন কোৱা
যজ্ঞসেনা তোমালোকে মোক
বহুত কথাৰ উত্তৰ দিয়া!??

  
            ✍🏻হিৰণময়ী বৰুৱা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)