ধাৰাবাহিক উপন্যাস জাৰউইম ০১-ৰাজেন দাস

©Admin
0
পুৱাটো ফৰকাল। ৰবাব টেঙাৰ দৰে সূৰ্য। পোহৰখিনি আহি বাৰান্দাত পৰিছেহি। ঘৰৰ পিৰালিৰ পৰা গৈ বেৰৰ ফাঁকত পৰিছে। বেৰৰ ফাঁকেদি ঘৰৰ ভিতৰলৈ আহিছে। পাক ঘৰৰ ওচৰৰ কোঠাতে জোহাল আছে। তাতে কেটলিটো তাঁৰ এডালত ওলোমাই থৈছে। সেই তাঁৰডাল আকৌ চাইকেলৰ দীঘল চেইনৰ ফুটাত সোমাই আছে। চেইনডালত ঘাত আছে ,ঘাতে ঘাতে বাঁহৰ পাবৰ গাঁঠিৰ দৰে। ঘৰৰ চৌটিত সেই চেইনডাল ঠিক বহিখোৱাৰ নিচেই কাষৰতে বান্ধ দিয়া আছে। চেইনডালৰ পোনপটীয়া যি গতি সেই দিশত ধোঁৱাখিনিয়েও গতি কৰিছে। কিন্তু ক'লৈ গতি কৰিছে? আকাশলৈ? স্বৰ্গলৈ? নে ক'লৈ ? এই গতি কিমান দিনৰ? এই গতিৰ লগত মানুহৰ কি সম্পর্ক। মানুহে কিয় জুইৰ সহায় ল'লে। জুই ইমান সহজে জ্বলিছিল নে? জ্বলিছিল যদি কি কামত জ্বলিছিল। 

ক্ৰমশঃ

✍️ৰাজেন দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)