কেতিয়াবা চাইছানে ডুবি?
জীৱন এক সংগ্ৰাম,
ব্যস্ততাৰ মাজতো সময় উলিয়াই.....
কাহানিবা লৈছানে বিশ্ৰাম?
জীৱন এক জ্বলি থকা মমবাতি...
কোনে জানে কেতিয়া লৈ যাব কাঢ়ি.....?
জীৱন এক উৰণীয়া চৰাই....,
পাৰিবা জানো জীৱনৰ সুখ..
সোণৰ দৰে লʼব গঢ়াই.....?
জীৱন এক নাটৰ অভিনয়..
শিকাচোন অলপ আনক কৰিবলৈ বিনয়..।
জীৱন এক চাকনৈয়াৰ স্ৰোত..
বৰ্তমানক আদৰি পাহৰাচোন ভূত....।
জীৱন এক যুঁজ..
আহাঁ আমি আনৰ লগত..
সমানে মিলাও খোজ।