হাৱাখানাৰ সুৰুঙাইদি সুখে ভুমুকি মাৰোঁতেই দুখে দুৱাৰদলিত উপস্থিত হৈ ৰিঙিয়াই মাতিছে ,
সুখবোৰ যেন খন্তেকীয়া নিছাৰ দৰে ।
সুখবোৰ যেন সীমাবদ্ধ হৈ পৰে
সেই বিলাসী বেঙুনীয়া ৰঙৰ মদিৰাত ।
মনবোৰ যেন স্থবিৰ হ'বলৈ শিকিছে
আন্ধাৰে চৌপাশখন যেন গ্ৰাস কৰি পেলাইছে ।
মায়ানগৰীৰ পদপথত বসতি কৰা শিশুটিৰ ভৱিষ্যতো আন্ধাৰ , স্ত্ৰীৰ বাবে অকলশৰীয়া নিজান ৰাস্তাটোও যেন আন্ধাৰ ।
ঋতুয়ে কঢ়িয়াই অনা প্ৰকৃতিৰ সংহাৰ স্বৰূপ বানেও যেন , নুমুৱাই পেলাইছে শত কৃষকৰ জীৱনৰ পোহৰ বিলোৱা চাকিগছি ।
সুখ আৰু পোহৰৰ এইয়াই নেকি শক্তি ?
আমি হ'ব নোৱাৰোনে , অন্ধকাৰ আৰু
বিষাদ দূৰ কৰাৰ এক জীৱন্ত সাঁথৰ ?
✍️পৰিস্মিতা নাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ