চেনেহ পৰশত ,
অসমৰ কাব্য কাননত
ঠন ধৰি উঠিল
মৰহি যোৱা
হেজাৰ হেজাৰ ফুল ।
জ্যোতিৰ আভাৰে
নৱ শলিতা জ্বলালে
পোহৰ বিয়পি গ'ল ----------
নৱ নৱ ছন্দেৰে
লুইতৰ পাৰতে
সুৰৰ মূৰ্চ্ছনা তুলিলে
অসমীয়া ডেকা-গাভৰুৰ দল।
হীনতা - দীনতা
আৰু মলিনতা এৰি
আয়ে দিয়া গামোচা
তেজত জুবুৰিয়াই লৈ
হেংদাং হাতত তুলি
শতৰু বধিবলে' গ'ল-----!
সামন্ত-যুগীয়া
এলান্ধু ক'লীয়া
জীৰ্ণ সাজ সলাই ,
সাম্য , মৈত্ৰী আৰু মিলনৰ
গীত গাই গাই
জিলিকালে লুইতৰ কুল ।
নানা জাতি , নানা ভাষাৰ
মালা এধাৰি গাঁঠি
বাধাৰ প্ৰাচীৰ ভাঙি ভাঙি
তেজেৰে বলিশাল বোলাই
দানৱ বধিবলে' গ'ল !
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ