আজিৰ দিনটোৰ বিশেষত্ব-১৮ জানুৱাৰী

©Admin
0
১৮ জানুৱাৰী (ইংৰাজী18 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৭টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
   
১)১৬৭৮ চনৰ আজিৰ দিনটোতে সাহিত্যিকজন বানিয়নৰ প্ৰসিদ্ধ গ্ৰন্থ দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ প্ৰথম খণ্ড প্ৰকাশিত হয়। এইখনেই ১৮৫১ চনত যাত্ৰীকৰ যাত্ৰা নামেৰে অৰুণোদইত খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হয়।
২)৬৩তম ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন ১৯৫৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীত অনুষ্ঠিত হয়।
৩)আজিৰ দিনটোতে মহামানৱ মহাত্মা গান্ধী প্ৰথম অসমলৈ আহে।
৪)১৯০৭ চনৰ সাহিত্যৰ নোবেল বঁটা বিজেতা ইংৰাজ সাহিত্যিক ৰুডয়াৰ্ড কিপলিঙৰ মৃত্যু হয় ১৯৩৬ চনৰ আজিৰ দিনটোতে। তেওঁৰ জনপ্ৰিয় আৰু প্ৰসিদ্ধ গ্ৰন্থ হ’ল দা জংগল বুক৷
৫)প্ৰসিদ্ধ সাহিত্যিক কনকলাল বৰুৱাৰ মৃত্যু হয় ১৯৪০ চনৰ আজিৰ দিনটোতে।
৬)প্ৰসিদ্ধ কণ্ঠশিল্পী কুন্দনলাল ছাইগলৰ মৃত্যু হয় ১৯৪৭ চনৰ আজিৰ দিনটোতে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)