সুধিছিলা তুমি
কিয় অহা নাই এইবেলি
বহুদিন হল মোৰ পথাৰ নিৰিবিলি
আহিলোঁ চেগতে
তোমালৈহে বুলি
ইমানকৈ বিচাৰিছা
নাহোনো কি বুলি
আহি দেখোঁ
তোমাৰ চোতাল উদুলি মুদুলি
দেওধনী নৃত্য জুৰিছে
ময়ূৰে পাখি মেলি মেলি
ইফালে সিফালে বিচাৰি তোমাক
মইনাৰ লগতেই কৰিলোঁ মিতিৰালি
আঁৰ কাপোৰ টানি
তুমি হেনো কৰিছা
শুৱনি ৰভাতলী
কিয়নো জগালা
মৃত হেঁপাহৰ পুলি
জ্বলি আছিল চাকিগছ ঢিপ ঢিপ কৰি
কেনেকৈনো স’ত গ’ল তাকো কাঢ়িবলৈ
এতিয়া আহিবা… বগা ফুল এপাহি লৈ