অভিমান-মামণি বৰঠাকুৰ

অভিমান বোৰে শিপাই যেতিয়া নিৰৱে বুকুত,
শুকান মৰুভূমিত পানী বিচাৰি কৰা দূৰন্ত প্ৰয়াস মাথোঁ।
হাৰি,হাৰি,জিকি যোৱা জীৱন যুঁজৰ,
অক্লান্ত সেনানী হৈ,
অকলশৰীয়া বৃক্ষজুপি নিৰৱে ৰৈ,
ধুমুহাই দিলে শক্তি,
বজ্ৰৰ গৰ্জনে নমালে বৃষ্টি,
সেউজীয়া হ'ল জীৱনৰ ৰং,
অভিমানে কোবাই যোৱা হিয়া,
অভিনয় ভৰা জীৱনবোধৰ এক প্ৰহেলিকা,
ব্যস্ততাৰ অজুহাতত পলায়নবাদী মানসিকতা,
পোৱাৰ আগতে যি আকুলতা,
পোৱাৰ পাছত তাৰ নাই মাদকতা।
সেয়েহে হেৰাই যায় প্ৰেমিক চৰাই,
আজন্ম প্ৰেমৰ সপোন সজাই।।

Post a Comment

Previous Post Next Post