চলনাৰ সাগৰত অন্ধমুনিৰ মিছা অভিনয়।
চুটি হাঁহিৰ টনা চকুযুৰিৰ মায়াৰ চহৰত ৰূপৰ জাল;
ৰমক-জমক সন্ধিয়াৰ প্ৰণয়ত ভগ্নহিয়াৰ আক্ৰোশ।
তোমাৰ পদূলিত আজিও শেৱালি ফুলে..
বেকাসময়ত সকলোবোৰ উদাস!
হেৰাব ধৰিছে বকুলফুলৰ সুবাস
সুকীয়া ক্ষণৰ আউল লগা মনত উঁয়ে ধৰিছে।
আপুনি জানেনে..
ব্যৰ্থ প্ৰেমৰ আইনা ভঙা বেদনা
ব্যস্ত সমাজৰ নষ্ট সম্পৰ্ক!!
মোৰ চহৰত আজি সাংঘাতিক নীৰৱতা...
শুনিবলৈ পাইছোঁ প্ৰেমৰ গান গোৱা
পখিলাজনী ক'ৰবাত হেৰাই গ'ল।
সস্তীয়া গেঞ্জী পিন্ধি
নিসংগতা আৰু যন্ত্ৰণাৰ লুকা-ভাকুত
বৰষুণজাকৰ অপেক্ষা!
তোমাৰ সেই হাঁহিৰ প্ৰতিক্ৰিয়া আঙুলিৰ সুগন্ধি হ'ল
প্ৰেমৰ দলংত ক্ৰেতাৰ ভিৰ লাগি গ'ল
"কোন ডক্তৰ, কি ঔষধ?"
প্ৰেমসাগৰে তেওঁৰ দুচকু চানি ধৰিছে
স্পৰ্শকাতৰ গভীৰ অনুভৱৰ সপোনত জুই জ্বলি ছাই হ'ল
আন্ধাৰৰ হাত বাউলি
তেওঁৰ হৃদয়ৰ বাবে মই মৃত্যুৰ আলহী।
✍🏻নীলপ্ৰতিম বৰা,টীয়ক