দ্যা ৰেডিঅ WITH CHILDHOOD

0
"মাত আছে মানুহ নাই
ঘৰ আছে দুৱাৰ নাই"
উত্তৰ-ৰেডিঅ।এটা সময়ত এনেবোৰ সাঁথৰ  দিনজুৰি উফন্দি আছিল আমাৰ মুখত। আজিৰ পৰা প্ৰায় ১২-১৩ বছৰ আগত আমাৰ ঘৰত বৰকৈ ৰেডিঅ'ৰ ব্যৱহাৰ হৈছিল।তেতিয়া মই ৬-৭বছৰত ভৰি দিছিলোঁ । এদিন দেউতাই মোৰ সন্মুখত এটা  ৰেডিঅ' ভাঙি পেলোৱা ঘটনা মোৰ এতিয়াও মনত আছে যিহেতু সেইটো ঘটনা এটা বিশেষ দিনত ঘটিছিল। ঘটনাটো ঘটিছিল মাঘ মাহৰ প্ৰথম দিনাখন। ঘটনাবোৰ এতিয়াৰ হ'লে ইয়াৰ হকে মই মোৰ ঘৰৰ মানুহবোৰৰ লগত একপক্ষীয় ভাবে বিৰোধিতা কৰিলোঁ হেঁতেন, হয়টো আন্দোলনো। যিহেতু মই তেতিয়ালৈ বুজি উঠিব পৰাকৈ ৰেডিঅ'ক ইমান এটা পছন্দ কৰা নাছিলোঁ তাৰ কাৰণ হয়টো বেলেগৰ ঘৰৰ নামী দামী ৰঙীন টিভি বোৰ আছিল। যি কি নহওঁক  এতিয়া কথাটো হ'ল দেউতাই ৰেডিঅটো ভাঙিছিল কিয় ? ইয়াৰ আঁৰৰ ঘটনাটো হৈছে মানে প্ৰতিটো বছৰৰ মাঘ মাহৰ প্ৰথম দিনাখন দেউতাই আমাক লৈ আইতাৰ (মাৰ ফালৰ) ঘৰলৈ যায়।আৰু সেইদিনটোত মানুহক ব্যস্ততাই নেৰে তেনে সময়ত মায়ে ৰেডিঅ'টো লগাই সেই দিনটোৰ ৰাতিপুৱাৰ বিশেষ প্ৰগ্ৰেম (কীৰ্ত্তন)শুনি আছিল।যিহেতু খৰধৰ নকৰিলে বেলিয়ে মূৰৰ ওপৰত ঠেহ পাতিব সেয়েহে  দেউতাই মাক ৰেডিঅ'টোৰ কাষৰ পৰা উঠি অলপ কামত বেগা-বেগি কৰিবলৈ ক'লে । কিন্তু কীৰ্ত্তনৰ মোহত মা তাৰ পৰা উঠি যোৱা নাছিল যাৰ বাবে দেউতাই ৰেডিঅ'টো ভাঙি পেলাইছিল । পিছত  এনেবোৰ ঘটনাই দেখা দিছিল। কিন্তু সেইটো সময়ত মই ৰেডিঅ'ৰ ভিতৰত থকা চুম্বকটোৰ প্ৰতিহে বেছি আকৰ্ষিত আছিলোঁ সেয়ে মই দেউতাৰ লগত তীব্ৰভাৱে বিৰোধিতা কৰা নাছিলোঁ। ৰেডিঅ'ৰ লগতো যে মানুহৰ ইমান ভাবপ্ৰৱণতা জড়িত হৈ থাকে হয়তো মোৰ বয়সে সেইবোৰ ঢুকিয়ে পোৱা নাছিল।

আধুনিক সমাজত ৰেডিঅ'ৰ গুৰুত্ব বেছি। কাৰণ ৰেডিঅ'টোক এটা বয়সৰ সীমাবদ্ধতাত থাকি হে যে ইয়াক ব্যৱহাৰ কৰিব পাৰিব তেনে একো নহয়।ইয়াক কণমানি এটিৰ পৰা বৃদ্ধ এজনলৈকে  সকলো মানুহে ব্যৱহাৰ কৰিব পাৰে।ৰেডিঅ'ই বিভিন্ন শ্ৰেণীৰ মানুহৰ বাবে বিভিন্ন জ্ঞান প্ৰদান কৰিবলৈ সমৰ্থ হৈছে।কণমাণিসকলৰ বাবে বেলেগ প্ৰগ্ৰেম,ডেকাসকলৰ বাবে বেলেগ প্ৰগেম,বৃদ্ধসকলৰ বাবে বেলেগ প্ৰগ্ৰেম  মুঠৰ ওপৰত প্ৰত্যেক শ্ৰেণীৰ মানুহৰ বাবে বেলেগ বেলেগ প্ৰগ্ৰেম আয়োজন কৰি আহিছে ৰেডিঅ' চেণ্টাৰবোৰে।আনকি কৃষক সকলৰ বাবেও বেলেগ তথ্য তথা জ্ঞান দিবলৈয়ো সামৰ্থ্য হৈছে ৰেডিঅ'ই।যাৰ ফলস্বৰূপে আজি ৰেডিঅ' পৃথিৱীবিখ্যাত। ৰেডিঅ'ৰ আৱিষ্কাৰ এজন ইটালিয়ান বিশ্ব বিখ্যাত বৈজ্ঞানিকে কৰিছিল যাৰ নাম গুলিয়েলমো মাৰ্কওনি। তেওঁৰ জন্ম ইটালীৰ বোলগণা ত ১৮৭৪ চনৰ ২৫ এপ্ৰিলত হৈছিল। ১৯৩০চনৰ আগলৈকে ভাৰতবৰ্ষত ৰেডিঅ'ৰ ব্যৱহাৰ হোৱা নাছিল।বিশ্ববিখ্যাত ৰেডিঅ'ক economically সফল ৰূপত নিউট্ৰ'ডাইন চাৰ্কিট দাঙি ধৰিছিল আমেৰিকান অভিযন্তা তথা পদাৰ্থবিদ লুইছ এলান হেজল্টাইনে।ৰেডিঅ' ব্যৱহাৰৰ ক্ষেত্ৰত চহৰৰ মানুহৰ তুলনাত গাঁৱৰ চামো পিছ পৰি নাথাকিল কাৰণ গাঁৱৰ বেছি ভাগ মানুহে নিৰক্ষৰ য'ত প্ৰায় মানুহে আলোচনী নাইবা বাতৰি পঢ়িব নোৱাৰে ,যাৰ বাবে গাঁৱৰ  মানুহে  বাতৰি আদি শুনিবলৈ ৰেডিঅ' ব্যৱহাৰ কৰে। এইবোৰ  দিশত গাঁৱৰ চামৰ ৰেডিঅ'ৰ প্ৰতি আকৰ্ষণ বেছি দেখিবলৈ পোৱা যায়।এতিয়াও বহু গাঁৱৰ মানুহে ৰেডিঅ'ত গান লগাই বা চলাই ঘৰৰ তথা পথাৰত কাম কৰে। মোৰ  অনুভৱে কয় যে ৰেডিঅ'ৰ পৰা ওলোৱা শব্দবোৰে সেই পৰিশ্ৰম কৰা মানুহবোৰৰ ভাগৰবোৰ গাৰ পৰা আঁতৰাই পেলায়।

শ্বিলং চেণ্টাৰ, গুৱাহাটী চেণ্টাৰ উফ আৰু যে কত কি! ৰেডিঅ'ৰ পৰা ওলোৱা শব্দবোৰ মোৰ বৰ ভাল লাগে। পুৰণি গীতৰ সমাহাৰ। পুৰণি গীতবোৰ আজিৰ প্ৰায় ভাগ গীতৰ তুলনাত বহু বেছি ভাল লাগে শুনি য'ত "বাদ্য কম শব্দ বেছি"। গীতৰ লগতে আকাশবাণী কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত বহু অনুষ্ঠান(এতিয়া ভালদৰে মনত নাই) মোৰ প্ৰিয় আছিল। মোৰ ভাল লগা অনুষ্ঠানবোৰৰ ভিতৰত আৰ. জে. তন্ময় ছাৰৰ কথাৰে "ঢোলে - দগৰে" মোৰ প্ৰিয় আছিল।''' এদিন এখন ঘৰত ৰাতিৰ আহাৰত শাক ভাঁজি বনাইছিল।ৰাতি যেতিয়া ঘৰৰ সকলো মানুহবোৰ লগ হৈ ভাত খোৱাত ব্যস্ত হৈ পৰিছিল তেতিয়া সিহঁতৰ সৰু পোৱালিটোৱে দেউতাকক  কলে"দেউতা মই শাক ভাঁজিখিনি চুবাব পৰা নাই। মানে চোবাই, চোবোৱা নাযায়। দেউতাকে তেতিয়া ল'ৰাজনক  শাকখিনি মুখৰ পৰা উলিওৱা দিবলৈ ক'লে আৰু ল'ৰাজনে শাকখিনি উলিয়াই দিয়াৰ পিছত দেউতাকে শাকখিনি খুচৰি চালে আৰু দেখিলে তাত এটা জোক জাতীয় কিবা এটা আছিল।যাৰ বাবে ল'ৰাজনে  শাকখিনি চোবাব পৰা নাছিল। ইয়াৰ পৰা আমি উপলদ্ধি কৰিব পাৰোঁ যে মানুহে ৰাতি শাক খাবলৈ কিয় টান‌ পায়!‌গতিকে এনেকুৱা ধৰণৰ ৰসাল কৌতুক আকৃতিত কথাবোৰ কৈ আমাক বহু কথাই শিকাই গৈছিল আৰ. জে. তন্ময় ছাৰে। এনেবোৰ কথা যেনে মানুহক ৰাতি শাক খাবলৈ কিয় মানা কৰা হয়? বহুবাৰ বহুকেইজন বয়সস্থ লোকক প্ৰশ্ন কৰোঁতে তেওঁলোকে এইবোৰ নিয়ম বুলি কৈ কথাবোৰ সামৰি থৈ দিয়ে। ৰেডিঅ'টোৰ প্ৰেমত পৰা এনেবোৰ ঘটনাই অন্যতম আছিল। 

ৰেডিঅ' শুনি থাকিলে ঘড়ীৰ ব্যৱহাৰ প্ৰায় নহয়। ঠিক ধৰক ৬বজাৰ পৰা ৭বজালৈ প্ৰভাতি কিৰণ..৮ বজাত দিনৰ ৰাশিফল...দুপৰীয়া 2বজাত কিবা বেলেগ অনুষ্ঠান...সন্ধিয়া ৫মান বজাৰ পৰা আবেলিৰ গান ইত্যাদিবোৰ এজন নিয়মীয়া ৰেডিঅ'ৰ শ্রোতাই ভালদৰে জানে দিনটোৰ সময়বোৰৰ কথা তথা সময়ৰ কাটাৰ দিশ কোন দিশে গতি কৰি আছে।এই যে সময় এতিয়া ৰাতিপুৱা সাত বাজি সাত মিনিট, দুপৰীয়াৰ দুই বাজি পোন্ধৰ মিনিট আদি শব্দবোৰ অনায়াসে কৈ যায় মোৰ সেই শব্দবোৰ বৰ প্ৰিয়।,ৰেডিঅ' মিৰ্ছি, ৰেডিঅ'চিটি ইণ্ডিয়া, অল ইণ্ডিয়া ৰেডিঅ' নিউজ, ৰেড এফ. এম ইণ্ডিয়া, ৯২.৭বিগ এফ. এম আদিবোৰ উলেখযোগ্য ষ্টেচন। ষ্টেচনবোৰ সলাই সলাই খুচৰি থকাটোৱে এটা বেলেগ আমোদ। মুঠৰ ওপৰত ৰেডিঅ'ৰ নষ্টালজিক অনুভৱবোৰ সুকীয়া। অৱশ্যে আজিকালি মানুহৰ সময়ৰ অভাৱে এনেবোৰ বস্তুৰ পৰা মানুহবোৰক আঁতৰাই পেলাইছে যাৰ বাবে বঞ্চিত হ'ব লগা হৈছে এনেহেন অনুভৱ তথা সুখৰ পৰা। এটা সময়ত প্ৰায় মানুহৰ ঘৰে ঘৰে ৰেডিঅ আছিল।ৰাস্তাৰ দাঁতিত ৰৈ থকা দোকানবোৰতো ৰেডিঅ'বোৰ ওলোমাই থৈ মনোৰঞ্জন লৈ থকা দিনবোৰ আজিৰ পৰা বৰ বেছি পুৰণি কথা নহয় অথচ আজিও এনে দৃশ্য চকুত নপৰা নহয়।যিমানে অত্যাধুনিক মনোৰঞ্জনকাৰী সঁজুলিৰ সৃষ্টি নহওঁক কিয়, একাংশৰ বাবে ৰেডিঅ' এতিয়াও আলাসৰ লাড়ু। আমিবোৰ কিজানি ৰেডিঅ' ব্যৱহাৰ কৰাৰ শেষৰটো চাম।আজিকালি টি.ভি ,মোবাইল আদিৰ অত্যাধিক ব্যৱহাৰে ৰেডিঅ'ৰ গুৰুত্ব হ্ৰাস কৰি পেলাইছে।ব্যতিক্ৰমত আজিও বহু মানুহে নিজৰ বহুমূলীয়া সময় উলিয়াই হ'লেও ৰেডিঅ'ৰ ওচৰ চাপিবৰ চেষ্টা কৰে। বহু উন্নতমানৰ বস্তুৰ আৱিষ্কাৰৰ পিছতো ৰেডিঅ' আজি অমূল্য সম্পদ । 

আপুনি বাৰু ৰেডিঅ'টোক লৈ কিমান চিন্তিত? মই মোৰ জীৱনত এনেকুৱা মানুহকো পাইছোঁ যিয়ে ৰেডিঅ'ৰ বিষয়ে কিবা কথা ক'লে অথবা আলোচনা কৰিলে তেওঁলোকে ঠাট্টা কৰিবলৈ শিপা বিচাৰি ফুৰে, এনেবোৰ সজুলিক তেওঁবোৰে বেয়া পায় নেকি নাজানো! তেওঁলোকৰ প্ৰতিক্ৰিয়াত মোৰ কিন্তু তেওঁলোকে বেয়া পায় যেন‌হে বোধ হয়। তেওঁলোকে মোক এনেদৰে ভাবিবলৈ বাধ্য কৰাই যে মই মোৰ  গাম্ভীৰ্য্যতা দেখুৱাবলৈ এনেবোৰ কথা তেওঁলোকৰ আগত প্ৰকাশ কৰি আছোঁ। এনেবোৰ কাৰ্য্য কৰি তেওঁলোকে নিজক কি বুলি প্ৰমাণ কৰিব বিচাৰে তাৰ উত্তৰ মই বিচাৰি নাপাওঁ।তেওঁলোকৰ সেইবোৰ কাৰ্যই তেওঁলোকক আৰু বেছি তললৈ নমাই নিয়া নাই নে? আপুনি কি ভাবে ? আৰু মোৰ জীৱনত এনেকুৱা মানুহকো পাইছোঁ যে ৰেডিঅ'ৰ প্ৰতি তেওঁলোকৰ এক বিশেষ গভীৰতা আছে।অকল ৰেডিঅ'য়ে নহয় পুৰণি বস্তুৰ প্ৰতি তেওঁলোকৰ এক বিশেষধৰণৰ আগ্ৰহ আছে।ক'বলৈ গ'লে ৰেডিঅ' প্ৰেমী সিহঁতবোৰ,যিজনে ৰেডিঅ'টোক ভালদৰে বুজি পাই।আচলতে মোৰ দৃষ্টিত আজিৰ তাৰিখত ৰেডিঅ' শুনি যদি এজন মানুহে তিনিঘণ্টা সময় পাৰ কৰিব পাৰিছে মানুহজনৰ ধৈৰ্য্যৰ পৰিধি কিছু বেছি বুলি মই ভাবোঁ। কাৰণ দুই- এজনক বাদ দি আজি কালিৰ মানুহবোৰৰ ধৈৰ্য্য শক্তি ইমান কম যে সুস্থিৰভাবে কোনো এটা কাম একেৰাহে বহু সময় ধৰি কৰি থাকিব নোৱাৰে। ব্যস্ততাই পিছ নেৰা আজিৰ মানুহে নিজৰ মনোৰঞ্জনৰ বাবে ইউটিউবত পাঁচ - ছয়  মিনিট মানৰ ভিডিঅ'এটা চাবলৈয়ো টান পাই কাৰণ মানুহৰ ধৈৰ্য্য শক্তি একাদিক্ৰমে হ্ৰাস পাবলৈ ধৰিছে।যাৰ বাবে সুবিধাবাদী প্ৰসৰ্বুদ্ধিৰ মানুহে ইয়াৰ সুযোগ লৈ ছেকেণ্ডৰ ভিতৰত ভিডিঅ' বনোৱা এপ্লিকেচন সৃষ্টি কৰি পেলালে। যিবিলাক আমি সাধাৰণতে মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰা টিক- টক, ৰিলছ আদি ইয়াৰ অন্যতম উদাহৰণ। এনেবোৰ এপ্লিকেচন মানুহৰ মগজুত বৰ বেয়া ধৰণে ক্ৰিয়া কৰে ,মানুহবোৰে হেৰুৱাই পেলাই নিজৰ ধৈর্য্য- শক্তি। 

বৰ্তমানৰ যুগ,বিজ্ঞানৰ যুগ, অত্যাধুনিকতাৰ যুগ, প্ৰতিযোগিতাৰ যুগ।বিজ্ঞানৰ অত্যাধুনিক সৃষ্টিৰ অৱদানে পৃথিৱীখনক এটা বেলেগ দিশে ৰূপান্তৰিত কৰি আছে।যাৰ উমান আমি প্ৰত্যেকেই উপলদ্ধি কৰিব পাৰিছোঁ। বিজ্ঞানে ইমান বেগেৰে গতি কৰি আছে যে যোৱাকালি উদ্ভাৱন কৰা বস্তু এটা আজি আউটদেতেড হৈ পৰিছে। নিতৌ ন ন সৃষ্টিৰে মানুহৰ মনে বিচৰা প্ৰতিটো বস্তু বিজ্ঞানে দি আহিছে তথা দিবলৈ সমৰ্থ হৈছে। আধুনিকতাৰ খোজত খোজ মিলাই ফুৰা প্ৰত্যেকজন মানুহে হয়টো এৰি থৈ অহা আউটদেতেড বস্তুবোৰ পুনৰাই ঘূৰি চাব লাজ পাই আৰু নহ'লে পিছফালে ঘূৰি চাব আহৰি নাপায়। কিন্তু কথাবোৰ এনেকুৱা নহয় যে আমিবোৰে  সময়ৰ সৈতে খোজ মিলাই ফুৰিব নালাগে,তেনে কৰিলে বৰ্তমানৰ সময়ত আমি জীয়াই থকাটো প্ৰায় অসম্ভৱ হৈ পৰিব।কিন্তু এনেকুৱাও নহয় যে আমি পুৰণি সকলোবোৰ বস্তুৱে পাহৰি থাকিব লাগে।
ব্যস্ততাৰ ছাঁয়ে গা নেৰা অমিবোৰে সময়ৰ খোজত খোজ মিলাই ফুৰোঁতে ফুৰোঁতে , আধুনিকতাৰ লগত গা মিলাই চেকুৰতে জীৱনৰ কোনোবাখিনিত আমিবোৰে নিজকে হেৰুৱায় পেলোৱা নাইনে! মই এইটো কোৱা নাই যে আপুনি আপোনাৰ সকলো মূল্যৱান কাম- কাজ এৰি দিনটো ৰেডিঅ' ৰ আগত বহি দিনটো অতিবাহিত কৰক।তেনে কৰিলে আপুনি মূৰ্খতকৈ কোনো গুণে কম নহয়।মই মাথোঁ বিচাৰোঁ যিখিনি চামে এটা সময়ত ৰেডিঅ'ৰ লগত ওতপ্ৰোত:ভাবে জড়িত তথা ৰেডিঅ' ভাল পাইছিল তেওঁলোকে অন্ততঃ ৰেডিঅ'টোক পেলনীয়া সামগ্ৰীৰ দৃষ্টিৰে নাচাওক।

      ✍🏻লৱজ্যোতি দাস,ৰঙিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)